ড্ৰাগছৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী: বোকাজানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ...

ড্ৰাগছৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী: বোকাজানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ...

ডিজিটেল সংবাদ, বোকাজান : বিগত কেইদিনমানৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম আৰক্ষী। এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে বোকাজানৰ খটখটি আৰক্ষীৰ অভিযান। অভিযানত খটখটি অঞ্চলৰ পৰা জব্দ কৰা হয় প্ৰায় ১ কেজি নিষিদ্ধ ড্ৰাগছ।

খটখটি আৰক্ষীৰ নাকা তালাচীত জব্দ কৰা হয় এই ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা এন এল ০৭ আৰ ৫৫৭৪ নম্বৰৰ এখন বাইকত সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি। ৮৫ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচত অনা ড্ৰাগছখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰী গ্ৰেচি ৰভা আৰু জৈন প্ৰসাদক আটক কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, মণিপুৰৰ পৰা ডিমাপুৰলৈ দীৰ্ঘদিন ধৰি ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল গ্ৰেচি ৰভা নামৰ মহিলাগৰাকীয়ে। ধৃত গ্ৰেচি ৰভাৰ ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

ড্ৰাগছৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী: বোকাজানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ...
৭৫ বছৰ পিছত মিলন হ'ল ভাতৃ-ভগ্নীৰ, ভাৰত-পাকিস্তানৰ সৈতেই বিভাজন হৈছিল সহোদৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in