/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ae7f8408-2923-482f-9f7b-4d5587dd7f58/Naduwar_Protest.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটত শণিবাৰে নদুৱাৰ আঞ্চলিক মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ নদুৱাৰ ৰান্ধনী সন্থাৰ সদস্য সকলে বকেয়া ধন আদায় আৰু দৰমহা বৃদ্ধিৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি আকাশ বতাহ কঁপাই তোলে৷ ৷
ইয়াৰ পিচতে জামুগুৰিহাটৰ ধলাইবিলস্থিত উত্তৰ জামুগুৰি আদৰ্শ বিদ্যালয়ত নদুৱাৰ আঞ্চলিক মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ নদুৱাৰ ৰান্ধনী সন্থাৰ সভানেত্ৰী লিলাৱতী দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত ৰান্ধনী সকলক আদায় দিবলৈ থকা পাঁচ মাহৰ বকেয়া ধন শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে মাহিলী দৰমহা দহ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়।
এই দাবীৰে এক প্ৰস্তাৱো গ্ৰহন কৰে মহিলা সকলে। লগতে উক্ত প্ৰস্তাৱ সংশ্লিষ্ট কতৃপক্ষলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ সভাত নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ৰান্ধনীয়ে অংশগ্ৰহণ কৰে।
Also Read: কৰ্ণাটক বিধানসভা নিৰ্বাচন: ক্ষমতা দখলৰ দিশে অগ্ৰসৰ কংগ্ৰেছ...