৬ দিন ধৰি সন্ধান নাই জামুগুৰিহাটৰ বোৱাৰীৰঃ অঞ্চলজুৰি চাঞ্চল্য

জামুগুৰিহাটৰ দীপাটোলা নদীধাৰৰ পবিত্ৰা বিশ্বকৰ্মা নামৰ বোৱাৰীগৰাকী বিগত ৬দিন ধৰি নিৰুদ্দেশ

author-image
Asomiya Pratidin
New Update
৬ দিন ধৰি সন্ধান নাই জামুগুৰিহাটৰ বোৱাৰীৰঃ অঞ্চলজুৰি চাঞ্চল্য

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। জামুগুৰিহাটৰ দীপাটোলা নদীধাৰৰ পবিত্ৰা বিশ্বকৰ্মা নামৰ বোৱাৰীগৰাকী বিগত ৬দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।

Advertisment

গাঁওখনৰ নৰ বাহাদুৰ বিশ্বকৰ্মা নামৰ ব্যক্তিজনৰ পত্নী তথা এটি ৭ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃগৰাকী ২৪জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে। বোৱাৰীগৰাকী নিৰুদ্দেশ হৈ থকাৰ পাছত বহু বিচাৰ-খোচাৰ কৰিছে যদিও এই পৰ্যন্ত  মহিলাগৰাকীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰি ভীষণ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামী নৰ বাহাদুৰ বিশ্বকৰ্মাই জামুগুৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ইফালে, নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ পত্নী পবিত্ৰাই মোবাইলত ভিডিঅ’  কলযোগে কাৰোবাৰ সৈতে কথা পাতি থকা প্ৰত্যক্ষ কৰিছিল তাৰ পাছত পত্নীক খঙেৰে গালি পাৰিছিল। ইয়াৰ পাছতেই তেওঁৰ পত্নী ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ কথা ব্যক্ত কৰে মহিলাগৰাকীৰ স্বামীয়ে।

Also Read: জামুগুৰিহাটৰ ধলাইবিলত চোৰৰ চাফাই অভিযান...

Assam police jamugurihat