জামুগুৰিহাটৰ ধলাইবিলত চোৰৰ চাফাই অভিযান...

ৰাজ্যত নিতৌ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এইবাৰ জামুগুৰিহাটৰ ধলাইবিলৰ ১নং বৰপথাৰত চোৰে চলালে চাফাই অভিযান

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ ধলাইবিলত চোৰৰ চাফাই অভিযান...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰাজ্যত নিতৌ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এইবাৰ জামুগুৰিহাটৰ ধলাইবিলৰ ১নং বৰপথাৰত চোৰে চলালে চাফাই অভিযান৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি চোৰে লুটি নিলে প্ৰায় ৩ লাখ টকাৰ সোণৰ আ-অলংকাৰসহ নগদ ধন আৰু মোবাইল ফোন৷

Advertisment

ধলাইবিলৰ ১নং বৰপথাৰ নিৱাসী তথা দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰলাল শৰ্মাই পৰিয়ালসহ ফুৰিবলৈ যোৱাৰ পাছতেই চোৰে সংঘটিত কৰিলে চুৰিকাৰ্য।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা ঘৰটোত লোহাৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰৰ দলটোৱে চলালে লুটপাত।

শুকুৰবাৰে নিশা ঘৰলৈ ঘূৰি আহি ইন্দ্ৰলাল শৰ্মাই চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি জামুগুৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ৷ সম্প্ৰতি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

Also Read: জামুগুৰিহাটৰ টুপিয়া চাহ বাগিচাত শ্ৰমিকৰ ধৰ্ণা

Assam police