
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া চাহ বাগিছাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ৰেচনকে ধৰি প্ৰাপ্য মজুৰিৰ লগতে কেইবাটাও দাবীত বাগিচাখনৰ শ্ৰমিকসকলে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷
শ্ৰমিকসকলৰ মতে- ৰেচন, নিত্য ব্যৱহাৰ্য্য সামগ্ৰী আৰু প্ৰাপ্য মজুৰি বিচাৰি বহুবাৰ টুপিয়া চাহ বাগিছাখনৰ পৰিচালকগৰাকীক আৱেদন-নিবেদন কৰা হৈছে যদিও এই বিষয়ত কাণসাৰ দিয়া নাই পৰিচালকগৰাকীয়ে ৷ যাৰ বাবে শ্ৰমিকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে, শ্ৰমিকক শীঘ্ৰে ন্যায্য প্ৰাপ্য আদায় নিদিলে পুনৰ প্ৰাপ্য আদায়ৰ দাবীত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদী শ্ৰমিকসকলে।