জামুগুৰিহাটৰ কেৰাণীপামত জিলিকিল সুস্মিতা ভূঞা...

জামুগুৰিহাটৰ কেৰাণীপামত জিলিকিল সুস্মিতা ভূঞা...

ডিজিটেল সংবাদ, জামুগুৰিহাট : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জামুগুৰিহাটৰ ইটাখোলাস্থিত দিকৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুস্মিতা ভূঞাই ডিষ্টিংছন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।

জামুগুৰিহাটৰ ভিতৰুৱা কেৰাণীপাম গাঁৱখনলৈ সু-খবৰ কঢ়িয়াই অনা সুস্মিতা ভূঞাৰ সাফল্যত আনন্দিত গাওঁবাসী। ছাত্ৰী গৰাকীয়ে দিকৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সৰ্বমুঠ ৫৩৮ নম্বৰ লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

কেৰাণীপাম গাওঁ নিবাসী মুকুট ভূঞা আৰু জানমণি ভূঞাৰ সু-কন্যা সুস্মিতাৰ গৃহত আনন্দমুখৰ পৰিৱেশ। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজতো দেখা গ'ল আনন্দমুখৰ পৰিৱেশ ৷ উল্লেখ্য, সুস্মিতালৈ অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ও দল-সংগঠনে।

জামুগুৰিহাটৰ কেৰাণীপামত জিলিকিল সুস্মিতা ভূঞা...
আৰ্থিক দৈন্যতাক নেওচি উজ্বলিল জামুগুৰিহাটৰ ইটাখোলাৰ নাজিছা আহমেদ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in