/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/060889d5-55b4-4c6b-b38b-eb436b14e4e0/Jamuguri.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ বালিজান নামঘৰত শনিবাৰে বালিজান গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ২০২৩ বৰ্ষৰ ১১গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অসমীয়াৰ জাতীয় স্বাভিমান ফুলাম গামোছাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে অভিনন্দন পত্ৰ প্ৰদান কৰা হয়।
অঞ্চলৰে যুৱ সমাজকৰ্মী তথা যুৱ সাহিত্যিক বিশ্বজিৎ সূতে আঁত ধৰা উক্ত অভিনন্দন অনুষ্ঠানটিৰ সভাপতিৰ আসন অলংকৃত কৰে বালিজান গাঁও উন্নয়ন সমিতিৰ সভাপতি দিলীপ বৰাই। সম্বৰ্ধনা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰে বিহালী স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ টুনটুন বৰাই।
আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ঘনশ্যাম কলিতা, চিতেশ্বৰ ভূঞা, অৰুণ বৰদলৈ, ভৰত কলিতা। তদুপৰি উক্ত অনুষ্ঠানত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
Also Read: ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা টপ ৰেংকৰ প্ৰথম স্থান প্ৰাপ্ত হিমাশ্ৰী বৰুৱাক সম্বৰ্ধনা...