ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা টপ ৰেংকৰ প্ৰথম স্থান প্ৰাপ্ত হিমাশ্ৰী বৰুৱাক সম্বৰ্ধনা...

ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা টপ ৰেংকৰ প্ৰথম স্থান প্ৰাপ্ত হিমাশ্ৰী বৰুৱাক সম্বৰ্ধনা...
ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা টপ ৰেংকৰ প্ৰথম স্থান প্ৰাপ্ত হিমাশ্ৰী বৰুৱাক সম্বৰ্ধনা...

ডিজিটেল সংবাদ ছয়দুৱাৰঃ কঠোৰ অধ্যৱসায়, একাণপটীয়া প্ৰচেষ্টা আৰু প্ৰবল আত্মবিশ্বাসৰ বলত গোগামুখৰ এক নং লঠিয়াৰ দৰে এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ সাত সাগৰ তেৰ নদীৰ সিপাৰে অসম তথ ভাৰতৰ নাম জিলিকাই তুলিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰী হিমাশ্ৰী বৰুৱাক আজি গহপুৰৰ বালিজান চাৰিখেলিয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা অভিনন্দন সভাই অভিনন্দন জ্ঞাপন কৰি তেওঁক আৰ্শীবাদ প্ৰদান কৰে।

ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ পৰীক্ষাৰ ঘোষিত ফলাফলত অসম তথা ভাৰতৰ ভিতৰত টপ ৰেংকৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সুদীৰ্ঘ দুবছৰৰ মূৰত প্ৰথম বাৰৰ বাবে বিদেশৰ পৰা স্বভূমিলৈ অহা হিমাশ্ৰী বৰুৱাৰ চমকপ্ৰদ সাফল্যৰ বাবে আজি বালিজান চাৰিখেলীয়া গাঁও উন্নয়ন সমিতিয়ে জনোৱা ৰাজহুৱা অভিনন্দন সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ দীজেন ভূঞাই।

চাৰিখেলিয়া গাঁও উন্নয়ন সমিতিৰ সভাপতি বিদ্যুৎ বিজয় বৰুৱাই আঁতধৰা সভাখনত তেওঁক চাৰিখেলীয়া মহিলা সমাজ, চাৰিখেলীয়া গাঁও উন্নয়ন সমিতিৰ লগতে বিভিন্ন জনলোকে অসমীয়া সংস্কৃতিৰ বাহক ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰি তেওঁৰ অনাগত শৈক্ষিক জীৱন আৰু মধুৰ হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

উক্ত সভাত অভিনন্দন গ্ৰহণ কৰি হিমাশ্ৰী বৰুৱাই কয় যে, সাহস, আত্মবিশ্বাস, পিতৃ-মাতৃৰ অনুপ্ৰেৰণা আৰু সমৰ্থন থাকিলে সঠিক লক্ষ্যত উপনীত হ'ব পৰা যায়।পিতৃ-মাতৃৰ উৎসাহ প্ৰতিগৰাকী সন্তানৰ বাবে সফলতাৰ মূল চাবি কাঠি বুলি উল্লেখ কৰে।বিদেশত থাকিল বুলিয়েই তেওঁ কেতিয়াও অসমীয়া সংস্কৃতি পাহৰি যোৱা নাই বুলি উল্লেখ কৰি কয় যে, অসমীয়া সাজ-পাৰ,পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতিক লৈ তেওঁ যথেষ্ট গৌৰাম্বিত।

এইবাৰ বিদেশলৈ যোৱাৰ সময়ত অসমীয়া সংস্কৃতিৰ খাদ্য, সাজ পোচাক আদি কিছু বস্তু বিদেশৰ মানুহৰ আগত দেখুওৱাৰ বাবে লৈ যাব বুলি ভাষণত উল্লেখ কৰে হিমাশ্ৰী বৰুৱাই। চাৰিখেলীয়া গাঁও উন্নয়ন সমিতিয়ে তেওঁৰ প্ৰতি দেখুওৱা আন্তৰিক মৰমত তেওঁ আবেগিক হৈ পৰা বুলি উল্লেখ কৰে।

চাৰিখেলীয়া ৰাজহুৱা নামঘৰত অনুষ্ঠিত অভিনন্দন সভাখনত গোলোক বৰুৱা, তপন বৰুৱা, গণেশ বৰা, ভূপেন বৰা, অতুল শইকীয়া, জ্যোতিষ বৰা, প্ৰভা দাস, নিজৰা বৰুৱা, দীপা বৰুৱা, বুলু বৰুৱাকে ধৰি বহু কেইগৰাকী সন্মানীয় লোক উপস্থিত থাকে।অনুষ্ঠানটোত হিমাশ্ৰী বৰুৱাৰ আদৰ্শ মাতৃ সপোন ভূঞা চুতীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰে চাৰিখেলীয়া গাঁও উন্নয়ন সমিতিয়ে।

সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই হিমাশ্ৰী বৰুৱাৰ মহাক ধ্ৰুৱজ্যোতি বৰুৱা আৰু মাহীয়েক জ্যোস্না বৰুৱাই। উল্লেখযোগ্য যে, ধেমাজি জিলাৰ গোগামুখৰ এক নং লঠিয়া গাঁও নিবাসী তথা লখিমপুৰ জিলাৰ অডিট অফিচাৰ সৰ্বেশ্বৰ চুতীয়া আৰু সপোন ভূঞা চুতীয়াৰ সুযোগ্যা কন্যা হিমাশ্ৰীয়ে লঠিয়া প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সাং কৰাৰ পিছত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ধেমাজি নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰিছিল।

ইয়াৰ পিছত তেওঁ গুৱাহাটীৰ গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেণ্ট টেকনলজি শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙত বি টেক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ যোৱা দুবছৰৰ পূৰ্বে ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি স্মাতকোত্তৰ পৰীক্ষাৰ ফলাফলত অসম তথা ভাৰতৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰে।বৰ্তমান ইংলেণ্ডতে পি এইছ ডি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে হিমাশ্ৰী বৰুৱাই।

ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা টপ ৰেংকৰ প্ৰথম স্থান প্ৰাপ্ত হিমাশ্ৰী বৰুৱাক সম্বৰ্ধনা...
হায় APDCL ! এমাহত ৫৭ লাখ টকাৰ বিদ্যুৎ বিল দেখি অসুস্থ গৃহস্থ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in