জামুগুৰিহাটত দিবা-নৈশ প্ৰাইজমাণী ক্ৰিকেট খেল প্ৰতিযোগিতা

জামুগুৰিহাটৰ সৰুভগীয়াৰ পাচগাঁও যুৱক সংঘৰ সৌজন্যত আয়োজিত নিহাৰ ৰঞ্জন ভূঞা আৰু ভক্তি হাজৰিকা সোঁৱৰণি দিবা নৈশ প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাখনি বুধবাৰে নিশা শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত দিবা-নৈশ প্ৰাইজমাণী ক্ৰিকেট খেল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ সৰুভগীয়াৰ পাচগাঁও যুৱক সংঘৰ সৌজন্যত আয়োজিত নিহাৰ ৰঞ্জন ভূঞা আৰু ভক্তি হাজৰিকা সোঁৱৰণি দিবা নৈশ প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাখনি বুধবাৰে নিশা শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ খেল পথাৰৰ মাজত হাতত বেট লৈ আমোদজনক খেল প্ৰদৰ্শনেৰে খেলুৱৈৰ ৰূপত দেখা গ'ল বিধায়ক পদ্ম হাজৰিকাক৷

Advertisment

নদুৱাৰ প্ৰেছক্লাৱ আৰু জামুগুৰি ক্ৰীড়া সন্থা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত শুভ উন্মোচনী প্ৰীতি খেলখনিত দুয়োটা দলে উন্নত খেল প্ৰদৰ্শন কৰে যদিও অৱশেষত নদুৱাৰ প্ৰেছক্লাব দলটোৱে জামুগুৰি ক্ৰীড়া সন্থাক বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ বুধবাৰে নিশাৰ হাইভল্টেজ খেল খন উপভোগ কৰি দৰ্শক ৰাইজ অপ্লুত হয় ৷

উদ্যোক্তাসকলে জনোৱা মতে বহুকেইটা আগশাৰীৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰা দিবা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা খনিৰ বিজয়ী দলে আকৰ্ষনীয় ট্ৰফীৰ লগতে প্ৰাইজমাণী হিচাবে নগদ পঞ্চাশ হেজাৰ টকা আৰু বিজেতা দলেও আকৰ্ষণীয় ট্ৰফীৰ লগতে নগদ বিশ হেজাৰ টকা লাভ কৰিব। লগতে প্ৰতিযোগিতাখনিত মেন অফ দা ছিৰিজ পোৱাজনে লাভ কৰিব দহ হেজাৰ টকা মূল্যৰ এম,টি,বি চাইকেল ।

Also Read: ভূমি জালিয়াতিত গ্ৰেপ্তাৰ দুই ৰাজপত্ৰিত বিষয়া

day night cricket jamugurihaat padma hazarika