ভূমি জালিয়াতিত গ্ৰেপ্তাৰ দুই ৰাজপত্ৰিত বিষয়া

গুৱাহাটীৰ বিয়াগোম ভূমি কেলেংকাৰীৰ গোচৰত দুজন এ চি এছ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰে অপৰাধ শাখাই মাৰাথান জেৰা কৰে দুই ৰাজপত্ৰিত বিষয়া ক্ৰমে নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত লক্ষজ্যোতি দাস , স্বাস্থ্য শিক্ষাৰ উপ-সচিব লক্ষ্যজিত্‍ দুৱৰীয়া ।

author-image
Asomiya Pratidin
New Update
ভূমি জালিয়াতিত গ্ৰেপ্তাৰ দুই ৰাজপত্ৰিত বিষয়া

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বিয়াগোম ভূমি কেলেংকাৰীৰ গোচৰত দুজন এ চি এছ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰে অপৰাধ শাখাই মাৰাথান জেৰা কৰে দুই বিষয়া ক্ৰমে নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত লক্ষজ্যোতি দাস , স্বাস্থ্য শিক্ষাৰ উপ-সচিব লক্ষ্যজিত্‍ দুৱৰীয়া । এই জেৰাৰ পিছতে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে এই বিষয়া দুগৰাকীক। অভিযোগ মৰ্মে, প্ৰকৃত ভূমিৰ গৰাকীক ঠগি অন্য লোকৰ নামত ভূমি নামজাৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৰাজপত্ৰিত বিষয়া দুজনক।ৰাজ্যত ভূমি কেলেংকাৰীৰ ঘটনাই দিনক দিনে নতুন মুৰ লৈছে। ভূমি জালিয়াতিৰ সন্দৰ্ভত এই পৰ্যন্ত কেইবাজনো মাটিৰ দালাল গ্ৰেপ্তাৰ কৰিছে অসম পুলিচে।

Advertisment

উল্লেখযোগ্য যে লক্ষ্যজিৎ দুৱৰীয়া গুৱাহাটী ৰাজহ চক্রব তদানীন্তন চক্র বিষয়া। তদুপৰি লক্ষ্যজ্যোতি দাসেও ২০১৯-২০ বৰ্ষত দিছপুৰ ৰাজহ চক্রত চক্র বিষয়া হিচাপে কার্যনির্বাহ কৰিছিল। সেই সময়ছোৱাত মহানগৰখনত প্রতিনিয়ত সংঘটিত হৈছিল জালিয়াতিৰে ভূমি হস্তগত কৰাৰ ঘটনা।

এই ক'লা অধ্যায়ৰ ইতিমধ্যে বহু তথ্য মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। একে সময়তে এনে ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী।

মুঠতে গুৱাহাটীৰ ভূমি জালিয়াতি কাণ্ডত জড়িত সকলো বিষয়া-কর্মচাৰীৰ লগতে লাটমণ্ডল, ভূ-মাফিয়াক গ্রেপ্তাৰ কৰিবলৈ সকলো প্রক্রিয়া সম্পূর্ণ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে। দুই-এদিনতে ভয়ংকৰ এই কাণ্ডত জড়িত আন কেইবাজনো  বিষয়া-কর্মচাৰী আৰক্ষীৰ জালত পৰিব বুলি সূত্রয়ে জানিবলৈ দিয়ে।

Also Read: দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব মোডী

Land allocation scam Land Mafia acs adc