জামুগুৰিহাটত লাম্পি ৰোগত মৃত্যু ৩০ৰো অধিক গো-ধনৰ, আক্ৰান্ত শতাধিক...

জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অচিন ৰোগত আক্ৰান্ত গো-ধন। মৃত্যু হৈছে ৩০ৰো অধিক গো-ধনৰ, আক্ৰান্ত শতাধিক...
জামুগুৰিহাটত লাম্পি ৰোগত মৃত্যু ৩০ৰো অধিক গো-ধনৰ, আক্ৰান্ত শতাধিক...

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কেইবাখনো গাঁৱৰ গো-ধন মাজত অচিন ৰোগে দেখা দিয়াত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অঞ্চলটোৰ ১ নং খলিহামাৰী, ২ নং খলিহামাৰী, জয়পুৰ, বটিয়াৰোকাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ গো-ধন সমূহৰ দেহত চবকা চবক ফোহা আৰু টেমুনা আকৃতিৰ ৰোগ দেখা দিছে। উল্লেখ্য যে, চৰকাৰী তথ্য অনুসৰি এয়া লাম্পি ৰোগ।

ইতিমধ্যে গাঁওসমূহত এই ৰোগত আক্ৰান্ত হৈ ৩০ৰো অধিক গো-ধনৰ মৃত্যু হোৱাৰ লগতে শতাধিক গো-ধন এই ৰোগত আক্ৰান্ত হৈ আছে। অঞ্চলটোৰ কৃষিজীৱি ৰাইজৰ গো-ধন সমূহৰ মাজত দেখা দিয়া এই অচিন ৰোগৰ বিষয়ে অঞ্চলটোৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেইধৰণে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

দিনক দিনে গো-ধনৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত অঞ্চলটোৰ কৃষক ৰাইজে এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ ঊৰ্ধ্বতম কতৃপক্ষক গুৰুত্ব দিবলৈ আহ্বান জনায়।

জামুগুৰিহাটত লাম্পি ৰোগত মৃত্যু ৩০ৰো অধিক গো-ধনৰ, আক্ৰান্ত শতাধিক...
অগ্নিকাণ্ডত বিধ্বস্ত ঘিলামৰা কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in