/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5fd930dc-2c4b-42bb-9390-6c565ab2a79b/Ghilamora.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঘিলামৰা সদৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয় । মানৱ সম্পদ সৃষ্টিত অতুলনীয় অৱদান থকা এইখন নামজ্বলা শিক্ষানুষ্ঠান যোৱা নিশা জ্বলাই সমূলঞ্চে ভস্মীভূত কৰাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ দৈবক্ৰমে ব্যৰ্থ হ'ল । ১৯৬৪ চনতে স্থাপিত এই উচ্চ মাধ্যমিক বিদ্যালয়খনত কোনো অজ্ঞাত মাতাল দুৰ্বৃত্তই যোৱা নিশা অসৎ লক্ষ্যৰে অগ্নিসংযোগ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/cf03628b-5299-46ff-8f0f-0f33c6fb183c/WhatsApp_Image_2023_05_31_at_12_15_40_PM__2_.jpeg)
বিদ্যালয়খনৰ শিক্ষকৰ জিৰণি কোঠাত থকা এখন খিৰিকীৰ বাহিৰত কোনো কাণ্ডজ্ঞানহীন ব্যক্তিয়ে অগ্নি সংযোগ কৰাৰ পৰৱৰ্তী সময়ত জিৰণি কোঠাৰ ভিতৰলৈকে বিয়পি পৰে জুই । নৈশ চকীদাৰ বিহীন বিদ্যালয়খনত মাজনিশা লোকচক্ষুৰ অজ্ঞাতে সংঘটিত এই অগ্নিকাণ্ডত এখন খিৰিকী, জিৰণি কোঠাৰ ভিতৰত থকা দুখন পাৰ্টিচন, কিছু শিক্ষণ সামগ্ৰী, কিছু আচবাব জুইত ভস্মীভূত হোৱাৰ লগতে পকী দেৱাল ক্ষতিগ্ৰস্ত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/effc2547-a258-4819-8e2c-d8905979d790/WhatsApp_Image_2023_05_31_at_12_15_40_PM.jpeg)
তাৎপৰ্যপূৰ্ণ ভাবে জুইৰ শিখাই মূল গৃহৰ চৌকাঠ, অন্যান্য আচবাব আদি স্পৰ্শ কৰাৰ পূৰ্বে নিৰ্বাপিত হয় ।বুধবাৰে পুৱা বিদ্যালয়খনৰ কৰ্মচাৰী আহি এনে বিধ্বস্ত ৰূপ প্ৰত্যক্ষ কৰি প্ৰধান শিক্ষক ভাস্কৰজিৎ চেতিয়াক খবৰ দিয়ে । স্তম্ভিত প্ৰধান শিক্ষক আৰু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলে বিষয়টো ঘিলামৰা আৰক্ষীক অৱগত কৰে আৰু এক গোচৰ ৰুজু কৰে। ঘিলামৰা আৰক্ষীয়ে ঘটনাস্থলী পৰিদর্শন কৰি তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1bddb501-01e3-41bb-9eee-54cd8761f60d/WhatsApp_Image_2023_05_31_at_12_15_40_PM__1_.jpeg)
এখন পবিত্ৰ শিক্ষানুষ্ঠানত কি কাৰণত কোনে এনে চূড়ান্ত অমানৱীয় কাণ্ড সংঘটিত কৰিলে সেয়া অদ্যপি পোহৰলৈ অহা নাই । কিন্তু সম্পূৰ্ণ পৰিকল্পিত মস্তিষ্কৰে সংঘটিত কৰা এই কাণ্ডক লৈ চিন্তিত বিদ্যালয় পৰিয়ালৰ লগতে ঘিলামৰাৰ শিক্ষানুৰাগী ৰাইজ।
প্ৰাথমিক তদন্ত কালত কোনো মস্তিষ্কহীন লোকে বিদ্যালয়খনত অগ্নিসংযোগ কৰাটো নিশ্চিত হৈছে আৰু এনে বৰ্বৰ কাণ্ড সংঘটিত কৰাৰ বাবে ৰাইজ আৰু বিদ্যালয় পৰিয়ালে একেমুখে নিন্দা কৰি ধিক্কাৰ জনাইছে। সমান্তৰাল ভাৱে বিদ্যালয়খনত তৎকালে এগৰাকী নৈশ চকীদাৰ নিযুক্তি দিয়াৰ বাবে লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক আহ্বান জনাইছে ঘিলামৰাৰ শিক্ষাব্ৰতী ৰাইজে।
Also Read: ৰাজ্যত চিন্তনীয়ভাৱে হ্ৰাস পাইছে ধানৰ উৎপাদন, হিতাধিকাৰী আঁচনিৰ কু-প্ৰভাৱ গ্ৰাম্য সমাজত