/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/91ba4b4a-b767-4588-b919-3271f897344d/Jamuguri.jpg)
ডিজিটেল সংবাদ, শোণিতপুৰ : শোণিতপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বুধবাৰে জামুগুৰিহাটৰ কলবস্তিত বৃহত্তৰ নদুৱাৰ অঞ্চলৰ ফ্ৰাৰ্মাৰসকলক লৈ এক কৃষি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় ৷ এই কৃষি প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
এই প্ৰশিক্ষন শিবিৰটোতে মেচিনৰ জৰিয়তে কেনেকৈ ধান কটা আৰু মৰা হয় তাৰো এক প্ৰশিক্ষণ প্ৰদান কৰে ৷ প্ৰশিক্ষণ কাৰ্যসূচীত শোণিতপুৰ জিলাৰ কৃষি বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰীৰ লগতে কৃষি বিজ্ঞানী বিবেক কুমাৰ আৰু নমিতা দত্ত, কৃষি সম্প্ৰসাৰণ বিষয়া দিব্যজ্যোতি নাথ, শস্য সংৰক্ষক মুনমুন বসুমতাৰী আদিয়ে অংশগ্ৰহণ কৰে ৷ প্ৰশিক্ষণ শিবিৰটোত নদুৱাৰ অঞ্চলটোৰ অৰ্ধশতাধিক ফ্ৰাৰ্মাৰে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷
Also Read: এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ সভাৰ ক্ষেত্রত মানিব লাগিব ৬টাকৈ নিয়ম; পিছে কি সেই নিয়ম...