/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c0c6b71b-bf80-40d2-9046-b0aac54d2789/CM.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্রীৰ বিশেষ নিৰ্দেশনা। এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ সভাৰ ক্ষেত্রত মানিব লাগিব ৬টাকৈ নিয়ম। ৬টাকৈ নিয়মেৰে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্রীয়ে।
সেই নিৰ্দেশনা অনুসৰি বন্তি প্রজ্বলন অনুষ্ঠান আয়োজকে সভাৰ পূৰ্বে আৰম্ভ কৰিব লাগিব। সমান্তৰালভাবে মুখ্যমন্ত্রীক কোনো উপহাৰ নিদিবলৈ নিৰ্দেশনা আয়োজকক। গামাচো, ফুলৰ থোপাৰে সম্বৰ্ধনা বন্ধ কৰাৰো নিৰ্দেশ মুখ্যমন্ত্রীৰ। নিৰ্দেশনা মৰ্মে আঁত ধৰোতাৰ বাহিৰে কোনেও শলাগৰ শৰাই দিয়াৰ প্রয়োজন নাই।
আনহাতে য’ত মুখ্যমন্ত্রীয়ে নিশা বাহৰ পাতে, ইয়াৰ পাছৰ দিনাৰ অনুষ্ঠান বৃক্ষ ৰোপনেৰে আৰম্ভ হ’ব। আকৌ মাটিৰ পিয়লাতহে চাহ দিয়াৰ নিৰ্দেশ উপায়ুক্তসকলক। ইয়াৰ বিপৰীতে গ্লাছৰ বটলত যোগান ধৰিব লাগিব খোৱাপানী। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বটল বৰ্জনৰো নিৰ্দেশ মুখ্যমন্ত্রীৰ। লগতে মধ্যাহ্ন আৰু নৈশ ভোজন নিৰামিষ হ’ব লাগিব। এই নিৰ্দেশনাত অসমীয়া আৰু থলুৱা জনগোষ্ঠীয় খাদ্য সম্ভাৰ যোগানৰ কথা স্পষ্টকৈ উল্লেখ আছে।
Also Read: ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰিব আম আদমী পাৰ্টীয়ে...