জামুগুৰিহাটৰ চেন্ট থমাচ ইংলিছ স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীৰ বিদায় সম্বৰ্ধনা

জামুগুৰিহাটৰ চেন্ট থমাচ ইংলিছ স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীৰ বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বুধবাৰে জামুগুৰিহাটৰ ধলাইবিলস্থিত চেন্ট থমাছ ইংলিছ স্কুলত অনুষ্ঠিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান৷ এই অনুষ্ঠানটো বিদ্যালয়খনৰ প্ৰধান শিক্ষক চুশিল জন চুৰেনৰ সঞ্চালনাত অনুষ্ঠানটিত হয়। মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে বিদ্যালয় পৰিচালনা কমিটিৰ সদস্য তথা প্ৰাক্তন পঞ্চায়ত সভাপতি দিলিপ সেনাপতিয়ে৷

বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী,অভিভাৱক সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কৃতী ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয় কৰ্তৃপক্ষই ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে ছাত্ৰ-ছাত্ৰীক কিতাপৰ টোপোলা উপহাৰ প্ৰদান কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে৷

উল্লেখযোগ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২২ গৰাকীয়েই সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে৷

ইয়াৰ মাজৰে মেধাৱী ছাত্ৰ অংশুমন ভট্টৰায় আৰু পেমা চুব্বাই ৫ টা বিষয়ত লেটাৰ লৈ ডিষ্টিংশ্যন পাবলৈ সক্ষম হোৱাৰ লগতে ছাত্ৰ প্ৰণৱ গৌতম,ছাত্ৰী প্ৰিয়ংকা দেৱী আৰু ছন্দ্ৰিকা ৰাণা সহ তিনি গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয় ৷

জামুগুৰিহাটৰ চেন্ট থমাচ ইংলিছ স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীৰ বিদায় সম্বৰ্ধনা
বজালীত নিৰ্বাচনকেন্দ্ৰিক সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in