বজালীত নিৰ্বাচনকেন্দ্ৰিক সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন..

বজালীত নিৰ্বাচনকেন্দ্ৰিক সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন..

author-image
Asomiya Pratidin
New Update
বজালীত নিৰ্বাচনকেন্দ্ৰিক সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন..

ডিজিটেল সংবাদ,পাটাছাৰকুছিঃ বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ নেতৃত্বত জিলাখনত ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ভিন্ন কাৰ্যক্ৰম গ্ৰহণ কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি ‘পদ্ধতিগত ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ’কোষৰ উদ্যোগত আৰু শাৰদী মাণ্ডলিক গোট আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত বজালীত এক সজাগতা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়।

Advertisment

এই অনুষ্ঠানত ফ্লেগ অফ কৰে সহকাৰী আয়ুক্ত তথা কোষৰ নোডেল বিষয়া পিংকী দেৱনাথে।বজালী জিলাৰ অন্তৰ্গত চাউলীয়াবড়ী গাঁও পঞ্চায়তত এই কাৰ্যক্ৰমৰ উপলক্ষ্যত ভোটাৰ সকলক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে এটা শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত বহু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।

আনহাতে,পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়টো যুৱ ভোটাৰক ভোটদানৰ প্ৰতি সজাগ কৰিবলৈ অন্য এক কাৰ্যসূচী গ্ৰহণ কৰা হয়।এই কাৰ্যসূচীত কেম্পাচ এম্বাচাদৰ আনন্দ খাটনিয়াৰ,যুৱ আইকন ত্ৰিদিপ তালুকদাৰো উপস্থিত থাকি যুৱ ভোটাৰ সকলক ভোট দিয়াৰ বাবে আহ্বান জনায়।ভোটদান গণতন্ত্ৰৰ এক অমূল্য পৰম্পৰা বুলিও তেওঁলোকে সদৰী কৰে। উল্লেখযোগ্য যে আজি উক্ত কোষৰ অধীনতেই পাঠশালা,কেন্দুগুৰি,সাদেৰী আৰু নিত্যানন্দত ভোটাৰ সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

Also Read: মঙলদৈত ই-ৰিক্সাত উঠি নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ..

street play bojali election awearness