পানপুৰ বনাঞ্চল পৰিভ্ৰমণ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিমৰ..

পানপুৰ বনাঞ্চল পৰিভ্ৰমণ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিমৰ..

author-image
Asomiya Pratidin
New Update
পানপুৰ বনাঞ্চল পৰিভ্ৰমণ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিমৰ..

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শুকুৰবাৰে ৬ খনকৈ বিলাসী গাড়ীত আহি জামুগুৰিহাটত উপস্থিত lPL ৰ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টীম। ১৪ জনীয়া দলটোৱে পুৱা ৯ বজাত জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চল পৰিভ্ৰমণ কৰে।

Advertisment

ষষ্ঠ সংযোজনৰ নৈসৰ্গিক সৌন্দৰ্য্য প্ৰাণ ভৰি উপভোগ কৰা ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টীমটোৱে ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ-জন্তুও প্ৰত্যক্ষ কৰে। নিচেই ওচৰৰ পৰা এশিঙীয়া গড় দেখি আনন্দত আত্মহাৰা হৈ পৰে IPLৰ ক্ৰিকেট দলটোৰ বিষয়ববীয়া।

উল্লেখ্য যে, জামুগুৰিহাটলৈ অহা ৰাজস্থান ৰয়েলছৰ কেৰিবিয়ান বিষয়ববীয়াৰ লগতে আন বিষয়ববীয়াও অসম সন্তান ৰিয়াণ পৰাগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

Also Read: ৰাজ্যত পুনৰ মহিলাৰ ৰহস্যজনক মৃত্যুঃ আটক মৃত পম্পিৰ স্বামী ৰাজু দে

IPL assam Rajthan Royals official team visit paanpur IPL Rajthan Royals