বালিপৰা- চাৰিদুৱাৰৰ কৃষিভূমিত শুৰপোকৰ তাণ্ডৱ

বালিপৰা- চাৰিদুৱাৰৰ কৃষিভূমিত শুৰপোকৰ তাণ্ডৱ

author-image
Asomiya Pratidin
New Update
বালিপৰা- চাৰিদুৱাৰৰ কৃষিভূমিত শুৰপোকৰ তাণ্ডৱ

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গড়মৰা অঞ্চলৰ কেইবা হেক্টৰ কৃষি ভূমিত শুৰপোকে তাণ্ডৱ চলাইছে। গড়মৰা অঞ্চলৰ খেতিপথাৰত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে শুৰপোকৰ সংখ্যা।

Advertisment

বছৰত কেইবাবাৰো বানে জুৰুলা কৰাৰ পাছত কোনোমতে খেতি কৰিছিল কৃষক ৰাইজে। কিন্তু ভূতৰ ওপৰত দানৱ পৰাদি এতিয়া এইসমূহ কৃষিভূমি এফালৰ পৰা ‍তহিলং কৰিছে শুৰপোকে। শুৰপোকৰ অত্যাচাৰত এতিয়া দিক বিদিক হেৰুৱাই ভৱিষ্যত দিনত খাদ্য সংকটত পৰাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে এইসকল কৃষকৰ।

উল্লেখযোগ্য যে, শুৰপোকৰ এই আতংকৰ পৰা কৃষক ৰাইজক পৰিত্ৰান দিবলৈ কৃষি বিভাগে কৃষকসকলক যোগান ধৰিছে ঔষধ। বালিপৰাৰ এৰাগাওঁ, দিঘলী, ঔহোলা গাওঁ, ভোবোলা গাঁৱকে ধৰি কেইবাখনো গাঁৱতে আতংকৰ সৃষ্টি কৰিছে শুৰপোকে।

Also Read: চতুৰ্থ ৱৰ্ল্ড চেম্পিয়নশ্বিপত শীৰ্ষ খিতাপ অৰ্জন অসম সন্তান অভিজিৎ বৰুৱাৰ

sonitpur