চতুৰ্থ ৱৰ্ল্ড চেম্পিয়নশ্বিপত শীৰ্ষ খিতাপ অৰ্জন অসম সন্তান অভিজিৎ বৰুৱাৰ

চতুৰ্থ ৱৰ্ল্ড চেম্পিয়নশ্বিপত শীৰ্ষ খিতাপ অৰ্জন অসম সন্তান অভিজিৎ বৰুৱাৰ

author-image
Asomiya Pratidin
New Update
চতুৰ্থ ৱৰ্ল্ড চেম্পিয়নশ্বিপত শীৰ্ষ খিতাপ অৰ্জন অসম সন্তান অভিজিৎ বৰুৱাৰ

ডিজিটেল সংবাদ, যোৰহাট: যোৰহাটৰ সু-সন্তান অভিজিৎ বৰুৱাই ইটোৰ পিছত সিটো বিজয় ধ্বজ্জা উৰুৱাৰ পাছত অসমৰ পৰা প্ৰথমজন পেছাদাৰী বক্সাৰৰূপে ৰাষ্ট্ৰীয়ই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সফলতা লাভ কৰিছে। যোৰহাটৰ পৰা গৈ সুদূৰ দক্ষিণ আফ্ৰিকাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা অসম সন্তান অভিজিৎ বৰুৱাই শুকুৰবাৰে ৰাতি দক্ষিণ আফ্ৰিকাৰ টাঞ্জানিয়াৰ দাৰদা ইছলামত অনুষ্ঠিত চতুৰ্থ আন্তজাৰ্তিক পেছাদাৰী বক্সিং প্ৰতিযোগিতাত ১১ বাৰকৈ চেম্পিয়ন তথা দুবাৰকৈ ইউনিভাৰ্ছেল বক্সিং অৰ্গেনাইশ্যন চমুকৈ ইউ বি অ'ৰ টাইটেল প্ৰাপ্ত বিশ্ব বিখ্যাত ছালেহা মুকালেকৱাৰক প্ৰথম ৰাউণ্ডৰ কেইটামান ছেকেণ্ডতেই নক্ আউটৰে ছালেহাক পৰাজিত কৰি অভিজিত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে।

Advertisment

উল্লেখযোগ্য যে, অভিজিৎ বৰুৱাই ইয়াৰ পূৰ্বে আন্তজাৰ্তিক প্ৰতিযোগিতাত থাইলেণ্ডৰ বামদেৱ ঝুম্পাক পৰাজিত কৰি ১১ বাৰ চেম্পিয়ন খিতাপ অৰ্জন কৰি থকা ছালেহা মুকালেকৱাৰ সৈতে মুখামুখি হোৱাৰ যোগ্যতা অৰ্জন কৰা অভিজিতে বিশ্ব বক্সিং পৰিষদ আৰু এচিয়ান বক্সিং পৰিষদৰ অধীনত হোৱা পেছাদাৰী বক্সিং প্ৰতিযোগিতাত অসম সন্তান গৰাকীয়ে বৰ্তমানলৈকে এই অপ্ৰতিৰোধ্য জয়যাত্ৰা অব্যাহত ৰখাৰ লগতে ৩খনকৈ প্ৰতিযোগিতাত নক্ আউট কৰিছিল বিপৰীত পক্ষক।

এনেদৰে অভিজিৎ বৰুৱাই আন্তৰ্জাতিক পৰ্যায়ৰ পেছাদাৰী বক্সিঙত জীৱনৰ প্ৰথমখন খেলত প্ৰথম ৰাউণ্ডতেই দিল্লীৰ হিতেশ কাচানক মাত্ৰ ১০ চেকেণ্ডতে নক্ আউট কৰি চমকপ্ৰদ সৃষ্টিৰে খেলুৱৈ জীৱন আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এই খেলুৱৈ গৰাকীয়ে আৰু পাছলৈ ঘুৰি চাব লগা হোৱা নাই।

আন্তজাৰ্তিক পৰ্যায়ৰ পেছাদাৰী বক্সিঙত জীৱনৰ প্ৰথমখন খেলৰ চমকাৰৰ পাছতে উত্তৰ প্ৰদেশত অনুষ্ঠিত ছিৰিজৰ দ্বিতীয় ৰাউণ্ডত শিৱম তিৱাৰীক আৰু তৃতীয় ৰাউণ্ডত থাইলেণ্ডৰ বামদেৱ ঝুম্পাক পৰাজিত কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অভিজিৎ বৰুৱাই পেছাদাৰী বক্সিঙত শুকুৰবাৰে ৰাতি ছালেহা মুকালেকৱাৰক পৰাজিত কৰি আৰু এক সুকীয়া স্থান অধিকাৰ কৰি অসমৰ নাম উজ্বলাবলৈ সক্ষম হোৱা খেলুৱৈজনৰ এই সফলতাত যোৰহাটত অনুৰাগীৰ মাজত আনন্দৰ ঢৌ উঠিছে।

Also Read: চাকৰিৰ প্ৰলোভনেৰে নৈশ যাপন কৰি হাতে-লোটে ধৰা পৰিল বিজেপি নেতা

World Championship