গড়কা মংগলবৰীয়া দুৰ্গোৎসৱত 'ইণ্ডিয়ান আইডল' খ্যাত কন্ঠশিল্পী প্ৰশান্ত তামাং

গড়কা মংগলবৰীয়া দুৰ্গোৎসৱত 'ইণ্ডিয়ান আইডল' খ্যাত কন্ঠশিল্পী প্ৰশান্ত তামাং

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ স্বৰ্ণ জয়ন্তী গড়কা মংগলবৰীয়া সাৰ্ব্বজনীন দুৰ্গোৎসৱৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানে হেজাৰ হেজাৰ শ্ৰোতা দৰ্শকক মনোমুগ্ধ কৰে৷ বিশিষ্ট সমাজকৰ্মী তথা উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে শুভ উদ্ধোধন কৰা বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত স্থানীয় উদিয়মান কন্ঠশিল্পী বিকাশ বৰাইলিয়ে পৰিৱেশন কৰা সুমধুৰ সংগীতৰ লগতে স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা নৃত্যই দৰ্শক ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়।

সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ ইণ্ডিয়ান আইদল খ্যাত জনপ্ৰিয় কন্ঠশিল্পী প্ৰশান্ত তামাংঙে পৰিৱেশন কৰা সুমধুৰ সংগীতানুষ্ঠানে পুৱতি নিশালৈকে হেজাৰ হেজৰ শ্ৰোতা দৰ্শক ৰাইজক মনোমুগ্ধ কৰি ৰাখে। অতিকৈ পিছ পৰা অঞ্চলটিত দৰ্শকৰ বিপুল সঁহাৰি দেখি জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে উদযাপন কমিটিৰ বিষয়ববীয়াসকলৰ লগতে শ্ৰোতা দৰ্শক সকলকো কৃতজ্ঞতা জ্ঞাপন কৰে৷

মঞ্চত জনপ্ৰিয় হাস্য ব্যংগ অভিনেতা মোহনৰাজ চেত্ৰীয়েও প্ৰধান মন্ত্ৰী মোদী, নানা পাটেকাৰ, চুনিল চেট্টী আদিৰ মিমিক্ৰী কৰি ৰাইজক হাঁহিৰ খোৰাক যোগাৱলৈ সক্ষম হয় ।

গড়কা মংগলবৰীয়া দুৰ্গোৎসৱত 'ইণ্ডিয়ান আইডল' খ্যাত কন্ঠশিল্পী প্ৰশান্ত তামাং
কনিষ্টবলৰ পুত্ৰৰ গীতত মুগ্ধ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in