/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ee83eecc-8758-4964-b889-c724627d023b/125.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ইটাখোলাৰ সমীপৰ জেৰোচালিম গাঁৱত মঙলবাৰে এটি আটকধুনীয়া গীৰ্জা ঘৰৰ শুভ উদ্ধোধন কৰে তেজপুৰৰ বিচপ মাইকেল আকাচুশ তপ্পই ৷এই উপলক্ষে পুৱাৰ পতাকা উত্তোলনৰ পিছতে অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি আনুষ্ঠান ৷
দিনৰ ১২-০০ বজাৰ পৰা খ্ৰীষ্টান ধৰ্মালম্বী যুৱক-যুৱতীসকলে গীত নৃত্য আদি পৰিৱেশন কৰে ৷ গাঁৱখনত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে এটি উপযুক্ত গীৰ্জা ঘৰৰ অভাৱত সমস্যাৰ সন্মুখীন হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত ৰাইজে প্ৰয়োজনীয় দান বৰঙনি সংগ্ৰহ কৰি গীৰ্জা ঘৰটি নিৰ্মাণ কৰি লোৱা বুলি গাঁওবাসী ৰাইজে মন্তব্য কৰিছে ৷ ইয়াকে লৈ জেৰোচালিম গাঁওবাসী ৰাইজ তথা পুৰুষ মহিলা, যুৱক-যুৱতীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷
Also Read: কেকোকলি মিচিং গাঁৱত পৰিৱেশ সম্পৰ্কীয় মত-বিনিময় অনুষ্ঠান সম্পন্ন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us