কেকোকলি মিচিং গাঁৱত পৰিৱেশ সম্পৰ্কীয় মত-বিনিময় অনুষ্ঠান সম্পন্ন

কেকোকলি মিচিং গাঁৱত পৰিৱেশ সম্পৰ্কীয় মত-বিনিময় অনুষ্ঠান সম্পন্ন

author-image
Asomiya Pratidin
New Update
কেকোকলি মিচিং গাঁৱত পৰিৱেশ সম্পৰ্কীয় মত-বিনিময় অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ খনামুখ কোকোকলি মিচিং গাঁৱত মঙলবাৰে পৰিৱেশ সম্পৰ্কীয় এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ জিলাখনৰ অন্যতম এক স্বেচ্চাসেৱী অনুষ্ঠান জীয়া ভৰলী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা ১নং শ্ৰীৰামপুৰ টি, এম, পি,কে/এম, এম,কে গাঁওসভাৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত পৰিৱেশ সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।

Advertisment

অনুষ্ঠানটিত জোনাইৰ পৰা অহা মিচিং প্ৰতিনিধি দল আৰু জীয়াভৰলী মিচিং ৰাইজৰ লগতে জীয়াভৰলী ফাউণ্ডেশ্যনৰ বিষয়ববীয়া তথা সদস্যসকলে মত বিনিময় কৰে।জোনাইৰ পৰা ছাত্ৰ-ছাত্ৰীসহ অহা ৪২ জনীয়া প্ৰতিনিধি দলটোৱে ইয়াৰ পিছতে গ্ৰীণ ভিলেজ হিচাপে খ্যাত বালিগাঁৱত উপস্থিত হৈ জ্যেষ্ঠ সমাজকৰ্মী তথা সমাজহিতৈষী বঁটাপ্ৰাপক কমিচন মিলিৰ লগত গ্ৰীণ ভিলেজ সম্পৰ্কত গুৰুত্বপূৰ্ণ বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰে।

বিয়লি জোনাইলৈ উভতি যাব লগা প্ৰতিনিধি দলটোৱে ইয়াৰ পিছতে জীয়াভৰলীৰ পাৰৰ বিভিন্ন স্থান পৰিদৰ্শনৰ লগতে ভৰলীপৰীয়া কন্যকা বহুমুখী পাম পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে।

Also Read: ইটাখোলাত অত্যাধুনিক দুখন বাছ সেৱাৰ শুভ উদ্বোধন

jamugurihat