ৰঙাপৰা-নদুৱাৰ সমষ্টিতো অৰুণোদয় ৩.০ৰ শুভাৰম্ভণী অনুষ্ঠান

ৰঙাপৰা-নদুৱাৰ সমষ্টিতো অৰুণোদয় ৩.০ৰ শুভাৰম্ভণী অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ৰঙাপৰা-নদুৱাৰ সমষ্টিতো অৰুণোদয় ৩.০ৰ শুভাৰম্ভণী অনুষ্ঠান

ডিজিটেল সংবাদ,জামুগুৰিহাট : বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপৰা সমষ্টিতো অৰুণোদয় ৩.০ৰ শুভাৰম্ভণী কৰা হয়। ৰঙাপৰাৰ ভালেসংখ্যক ৰাইজৰ উপস্থিতিত ফুলবাৰীত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ।

Advertisment

উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ লগতে ভালেকেইগৰাকী বিষয়ববীয়া। শুভাৰম্ভণী অনুষ্ঠানত স্থানীয় বিধায়কগৰাকীয়ে ৰঙাপৰা সমষ্টিবাসীৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

তাৰোপৰি ৰঙাপৰা সমষ্টিত নতুনকৈ ১০ হাজাৰগৰাকীয়ে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ’ব বুলি বিধায়ক তাঁতীয়ে জানিব দিয়ে ।

ইফালে আজিৰ দিনটোতে নদুৱাৰ সমষ্টিতো অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণী কৰা হয়। জামুগুৰিহাটৰ ব'হাগীমেলা বাকৰিত প্ৰায় ৪হাজাৰৰো অধিক মহিলাৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই।

বিধায়ক পদ্ম হাজৰিকাই সমষ্টিবাসীৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক যি প্ৰতিশ্ৰুতি দিছিল সেইসকলোবোৰ পূৰণ কৰিছে ৷ জিলা আয়ুক্তগৰাকীয়ে কয় যে পূৰ্ব্বতে নদুৱাৰ সমষ্টিত ২০ হেজাৰ অৰুনোদয় হিতাধিকাৰী আছিল এইবাৰ নতুনকৈ আৰু দুই হেজাৰ সংযোজন হ'ব ৷ সকলো হিতাধিকাৰীয়ে নিজৰ আধাৰ লিংক কৰাতো বাধ্যতামূলক হ'ব বুলি মন্তব্য কৰে ৷

Also Read: তিতাবৰত অৰুণোদয় ৩.০ৰ শুভ উদ্বোধন...

KRISHNA KAMAL TANTI padma hazarika