গহপুৰত বিজেপিৰ অবিচি মৰ্চাৰ "গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" কাৰ্যসূচী ৰূপায়ণ...

সাংগঠনিক ভেটি অধিক টনকিয়াল কৰিবলৈ অসম ৰাজ্যিক বিজেপিয়ে বিভিন্ন জন সম্পৰ্কৰক্ষী কাৰ্যসূচী হাতত লৈছে । ইয়াৰে অংশস্বৰূপে বিজেপিৰ মৰ্চা সমূহে গ্ৰহণ কৰিছে গাঁৱলৈ যোৱা কাৰ্যসূচী
গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" কাৰ্যসূচী
গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" কাৰ্যসূচী

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ সাংগঠনিক ভেটি অধিক টনকিয়াল কৰিবলৈ অসম ৰাজ্যিক বিজেপিয়ে বিভিন্ন জন সম্পৰ্কৰক্ষী কাৰ্যসূচী হাতত লৈছে । ইয়াৰে অংশস্বৰূপে বিজেপিৰ মৰ্চা সমূহে গ্ৰহণ কৰিছে গাঁৱলৈ যোৱা কাৰ্যসূচী ।

সেই অনুসৰি, গহপুৰ বিধান সভা সমষ্টিত বিজেপিৰ অবিচি মৰ্চাই ৰূপায়ণ কৰিছে গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ শীৰ্ষক কাৰ্যসূচী । যোৱা ৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে ৰূপায়ণৰ দিহা কৰা এই কাৰ্য্যসূচীৰ শুকুৰবাৰে বিজেপিৰ কলংপুৰ মণ্ডল অবিচি মৰ্চাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচী ৰে ৰূপায়ণ কৰা হয় ।

গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" কাৰ্যসূচী
গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" কাৰ্যসূচী

বিশ্বনাথ জিলাৰ বিজেপিৰ অবিচি মৰ্চাৰ সম্পাদিকা তথা বিজেপিৰ কলংপুৰ মণ্ডলৰ অবিচি মৰ্চাৰ প্ৰভাৰী জুলি হাজৰিকাৰ নেতৃত্বত আজি উক্ত মণ্ডলৰ অন্তৰ্গত জালুকবাৰী আৰু টেটোনবাৰী গাঁও পঞ্চায়তত ৰূপায়ণ কৰা হয় গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ কাৰ্যসূচী । পঞ্চায়ত দুখনৰ একাধিক লোকৰ ঘৰে ঘৰে পদব্ৰজে গৈ ৰূপায়ণ কৰা গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰৰ অভিলাষী আঁচনি সমূহৰ সঠিক ৰূপায়ণ আৰু এই আঁচনি সমূহৰ পৰা ৰাইজ কিমান উপকৃত হৈছে সেই বিষয়ে বুজ লোৱা হয় ।

এই কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰৰ জনমুখী কাৰ্যপ্ৰণালীৰ বিষয়েও বহলাই বুজাই কয় কলংপুৰ মণ্ডলৰ অবিচি মৰ্চাৰ প্ৰভাৰী জুলি হাজৰিকাই । এই কাৰ্যসূচীৰ জৰিয়তে ঘৰে ঘৰে বিভিন্ন প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰা হয় । উক্ত কাৰ্যসূচীত কলংপুৰ মণ্ডল বিজেপিৰ উপসভাপতি, সাধাৰণ সম্পাদকদ্বয়, মণ্ডল অবিচি মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদক, উপসভাপতিকে ধৰি দলীয় নেতা স্বৰাজ বৰদলৈ আৰু দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে ।

গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" কাৰ্যসূচী
বেবেজীয়াত সাত দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in