বেবেজীয়াত সাত দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি...

১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ আয়োজিত হোবা ৰঙালী বিহু কৰ্মশালা খনি শুকুৰবাৰে বিয়লি সফল সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
বেবেজীয়াত সাত দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি...

বিহু কৰ্মশালা

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত শেনচোৱা এলেঙী সত্ৰ জ্যোতি গ্ৰন্থালয়ও যুৱক সংঘৰ সৌজন্যত বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ৰ খেলপথাৰত এখনি কৰ্মশালা আয়োজন কৰা হ’য় । ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ আয়োজিত হোবা ৰঙালী বিহু কৰ্মশালা খনি শুকুৰবাৰে বিয়লি সফল সামৰণি পৰে ৷

Advertisment
বেবেজীয়াত বিহু কৰ্মশালা
বেবেজীয়াত বিহু কৰ্মশালা

বিশিষ্ট সমাজসেৱক মহেন্দ্ৰ শইকীয়াই শুভ উদ্বোধন কৰা বিহু কৰ্মশালা খনিত প্ৰশিক্ষক হিছাপে ভূৱন দাস, সৃষ্টি বৰাই প্ৰশিক্ষণ প্ৰদান কৰে । আমন্ত্ৰিত অতিথি হিছাপে ৰং বসন্ত বিহুৰাণী পূজাপ্ৰিয়া বৰুৱা, কণ্ঠশিল্পী দেৱজিৎ বৰা, বিহু সুৰক্ষা সমিতি অসমৰ বাবুল বৰাই কৰ্মশালাত উপস্থিত থাকি কৰ্মশালাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷

কৰ্মশালা
কৰ্মশালা

সমিতিৰ সভাপতি লেনিন মহন্ত, সম্পাদক পল্লৱ শইকীয়া, সাংস্কৃতিক সম্পাদক বিশ্বজ্যোতি শইকীয়া, উপ-সভাপতি বিতোপন মহন্ত, সহকাৰী সম্পাদক ৰূপজ্যোতি মহন্ত, বিশিষ্ট ক্ৰীড়া সংগঠক শশীন্দ্ৰ দেৱ মহন্ত, ৰৱিন্দ্ৰ শৰ্মা বৰুৱা, তুলন মহন্ত, অসীম মহন্তকে ধৰি বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Also Read: কাজিৰঙাত গজ মহোৎসৱ-২০২৩ উদ্ধোধন কৰিলে ৰাষ্ট্ৰপতিয়ে...

বিহু কৰ্মশালা