শোণিতপুৰৰ চাৰিদুৱাৰত অবৈধ কয়লা জব্দ

শোণিতপুৰৰ চাৰিদুৱাৰত অবৈধ কয়লা জব্দ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰত জব্দ কৰা হৈছে অবৈধ কয়লা ৷ জানিব পৰামতে, চাৰিদুৱাৰৰ পৰা নিশা বন বিভাগে অভিযান চলাই আটক কৰে চালকসহ তিনিখনলৈ কয়লা কঢ়িয়াই অনা গাড়ী ৷

মেঘালয়ৰ পৰা অৰুণাচললৈ অবৈধভাৱে কঢ়িয়াই নিয়া অৱস্থাত গোপন সূত্ৰৰ পম খেদি কয়লাসহ বাহন কেইখন আটক কৰে চাৰিদুৱাৰ বন বিভাগে ৷ আটকাধীন গাড়ী কেইখনৰ নম্বৰ AS-01-DD -4797, AS -01- CC -9337, আৰু AS -01- MC- 9403।

জব্দকৃত বাহনকেইখনত আনুমানিক ৩০ টন কয়লা মজুত থকাৰ সন্দেহ বন বিভাগৰ ৷ চাৰিদুৱাৰ বন বিভাগে কয়লাভৰ্তি ট্ৰাক কেইখনৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।

শোণিতপুৰৰ চাৰিদুৱাৰত অবৈধ কয়লা জব্দ
জামুগুৰিহাটৰ তৌভঙাত আলি : আয়ে লৃগাং উপলক্ষে সাংস্কৃতিক অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in