জামুগুৰিহাটৰ তৌভঙাত আলি : আয়ে লৃগাং উপলক্ষে সাংস্কৃতিক অনুষ্ঠান

জামুগুৰিহাটৰ তৌভঙাত আলি : আয়ে লৃগাং উপলক্ষে সাংস্কৃতিক অনুষ্ঠান

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ তৌভঙাত গাঁও উন্নয়ন সমিতি আৰু যুৱক সংঘৰ উদ্যোগত আলি আ:য়ে লৃগাং উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় ৷ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বাৰেচহৰীয়া ভাওনা কমিটিৰ সম্পাদক জয়ন্ত বৰাৰ লগতে ইটাভাটা সন্থাৰ সভাপতি তপন হাজৰিকা আৰু সম্পাদক বিষ্ণু বৰাই ৷

সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত বিশিষ্ট সমাজকৰ্মী সুমন্ত মেছ আৰু সঞ্জীৱ মিলিকে ধৰি গন্যমান্য ব্যক্তিসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে অঞ্চলটোৰ শিল্পীসকলে গীত নৃত্য আদি পৰিৱেশন কৰে ৷ নিশালৈ জনপ্ৰিয় কন্ঠশিল্পী বিদিশা দেৱী আৰু লেখন কুম্বাঙে গীত পৰিবেশন কৰি শ্ৰোতা দৰ্শকৰ মন জয় কৰে ৷

জামুগুৰিহাটৰ তৌভঙাত আলি : আয়ে লৃগাং উপলক্ষে সাংস্কৃতিক অনুষ্ঠান
জুনিয়ৰ মিছ ইণ্ডিয়া সংযুক্তা শ্যামক অভিনন্দন ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in