গহপুৰত বাহনসহ অবৈধ অৰুণাচলী সুৰা জব্দ, আটক এজনক ...

ক্ৰমাৎ ৰাগিয়াল দ্ৰব্য সৰবৰাহ বৃদ্ধি পাব ধৰিছে ৰাজ্যত । ঘাঁহিগাঁৱৰ বিভিন্ন প্ৰান্তত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ঘাঁহিগাঁও আৰক্ষী । শনিবাৰে ঘাহিগাঁও আৰক্ষীৰ এটি তহলদাৰী দলে অভিযান চলাই এখন বাহনসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়
গহপুৰ আৰক্ষী
গহপুৰ আৰক্ষী

ডিজিটেল সংবাদ, গহপুৰঃ ক্ৰমাৎ ৰাগিয়াল দ্ৰব্য সৰবৰাহ বৃদ্ধি পাব ধৰিছে ৰাজ্যত । ঘাঁহিগাঁৱৰ বিভিন্ন প্ৰান্তত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ঘাঁহিগাঁও আৰক্ষী ।

শনিবাৰে ঘাহিগাঁও আৰক্ষীৰ এটি তহলদাৰী দলে অভিযান চলাই এখন বাহনসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

অৰুণাচলৰ বালিজানৰ পৰা ডিপৰা লৈ অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰা টাটা মেজিক গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ঘাঁহিগাঁও আৰক্ষী । গাড়ীখনৰ পৰা ১৮ টা কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ হুইস্কী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । সুৰা খিনিৰ আনুমানিক মূল্য ৪৫ হাজাৰ টকা হব বুলি ধাৰণা কৰা হৈছে ।

উক্ত সুৰাখিনি কঢ়িয়াই অনা মেজিক খনৰ চালক ললিত শইকীয়াক আটক কৰিছে আৰক্ষীয়ে । সুৰাখিনি ডিপৰাৰ জনৈক বাপধনৰ বাবে অনা হৈছিল জানিব পৰা হৈছে ।

অবৈধ অৰুণাচলী সুৰা জব্দ
অবৈধ অৰুণাচলী সুৰা জব্দ
গহপুৰ আৰক্ষী
বাইশ বছৰে এজনো সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন নকৰা বিদ্যালয়ৰ নামতো সৰকালে ধন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in