বাইশ বছৰে এজনো সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন নকৰা বিদ্যালয়ৰ নামতো সৰকালে ধন...

জিয়াবুৰ-ছাইফুলৰ চাইবাৰ অপৰাধে নগাওঁ জিলা কঁপাঁই যোৱাৰ সময়তে জিলাখনত পোহৰলৈ আহিছে আন এক কেলেংকাৰী । এইবাৰ কামপুৰৰ তেতেঁলীসৰা শান্তি বিদ্যাপীঠত সংঘটিত হৈছে এক কেলেংকাৰী
তেতেঁলীসৰা শান্তি বিদ্যাপীঠ
তেতেঁলীসৰা শান্তি বিদ্যাপীঠ

ডিজিটেল সংবাদ, নাগাওঁঃ জিয়াবুৰ-ছাইফুলৰ চাইবাৰ অপৰাধে নগাওঁ জিলা কঁপাঁই যোৱাৰ সময়তে জিলাখনত পোহৰলৈ আহিছে আন এক কেলেংকাৰী । এইবাৰ কামপুৰৰ তেতেঁলীসৰা শান্তি বিদ্যাপীঠত সংঘটিত হৈছে এক কেলেংকাৰী ।

উল্লেখ্য যে কোনো কালে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন নকৰা বিদ্যালয় খনত 2000-21 বৰ্ষত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ নামত আৱণ্টণ হৈছিল ছাত্ৰ বৃত্তিৰ ধন । এটা চৰকাৰী পৰ্টেলত প্ৰকাশ কৰা তথ্যত অনুসৰি এই খবৰ পোহৰলৈ আহিছে ।

আচৰিত ধৰনে বিদ্যালয় খনত দশম মান লৈকে হে আছে যদিও একাদশ আৰু দ্বাদশ মানৰ ছাত্ৰ-ছাত্ৰীৰ নামতো সংখ্যালঘূ বৃত্তিৰ ধন আৱণ্টন হৈছে ।

এই সম্পৰ্কত বিদ্যালয় খনৰ প্ৰধান শিক্ষক নৱ দাসে মন্তুব্য প্ৰকাশ কৰি কয় যে তেওঁ বাইশ বছৰ শিক্ষকতা কৰি থকা বিদ্যালয় খনত আজি লৈকো এজনো সংখ্যলঘু ছাত্ৰই নামভৰ্তী কৰা নাই ।

তেতেঁলীসৰা শান্তি বিদ্যাপীঠ
তেতেঁলীসৰা শান্তি বিদ্যাপীঠ

তেনেস্থলত বিদ্যালয়খনৰ নামত এনেদৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন আৱণ্টণ হোৱাত প্ৰধান শিক্ষক জনে আৰ্চয্য প্ৰকাশ কৰে ।

২০২২ বৰ্ষৰ এপিল মাহত বিদ্যালয় খনৰ প্ৰধান শিক্ষক হিচাপে যোগদান নৱ কুমাৰ দাসে তেওঁৰ দিনত এই ঘটনা নোহোৱা বুলি কৈ ইয়াৰ উচিত তদন্তুৰ দাবী কৰিছে ।

উল্লেখ্য যে দুৰ্নীতি বিৰোধী শ্ন’গান দিয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰ তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে কি পদক্ষেপ লব সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষনীয় ।

তেতেঁলীসৰা শান্তি বিদ্যাপীঠ
ৱালিউল ইছলামৰ বিৰুদ্ধে আছিল পূৰ্বেও শিশু, নাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in