প্ৰকাণ্ড গছ পৰি যোগীবস্তিৰ আই থানত বিস্তৰ ক্ষতি..

প্ৰকাণ্ড গছ পৰি যোগীবস্তিৰ আই থানত বিস্তৰ ক্ষতি..

author-image
Asomiya Pratidin
New Update
টকা লোৱাৰ আগত সাৱধানঃ লাখে লাখে ওলাইছে নকল টকা...

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ যোগীবস্তিৰ আই থানত প্ৰকাণ্ড গছ বাগৰি পৰি বিস্তৰ ক্ষতি হয়৷ বিয়লি অহা বতাহ ধুমুহাৰ ফলত বহু পুৰণিকলীয়া এজোপা প্ৰকাণ্ড গছ ভাঙি থান খনৰ ঘৰটোৰ ওপৰত বাগৰি পৰে৷ দীৰ্ঘ দিন ধৰি অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে উক্ত আই থানত চাকি বন্তি জ্বলাই সেৱা জনাই আহিছিল। লগতে গোপিনী সকলে আই থান খনত নাম-প্ৰসংগ কৰিছিল ৷

Advertisment

সম্প্ৰতি প্ৰকৃতিক দুৰ্যোগৰ বাবে আই থানখনৰ ঘৰটো ভাঙি পৰাত ধৰ্মপ্ৰাণ ৰাইজ সমস্যাৰ সন্মুখীন হৈছে৷ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে চৰকাৰক শীঘ্ৰে আই থানখনৰ গৃহটিৰ পুনৰ নিৰ্মানৰ অনুৰোধ জনাইছে ৷

Also Read: ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষক বীৰেন দাসক আটক..

jugibasti aai than