ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষক বীৰেন দাসক আটক..

ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষক বীৰেন দাসক আটক..

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষক বীৰেন দাসক আটক..

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক আৰক্ষীয়ে আটক কৰে।আটক কৰা প্ৰধান শিক্ষকজন ৰঙিয়াৰ মধুকুছিৰ বীৰেন দাস বুলি আৰক্ষী সূত্ৰই জনায়।ঘটনাৰ বিৱৰণী অনুসৰি নৱজীৱন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন দাসে নিজ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

উক্ত ঘটনাৰ পিছতে ছাত্ৰী দুগৰাকীয়ে পিতৃ মাতৃক ঘটনা সন্দৰ্ভত অৱগত কৰে। ১২ বছৰীয়া আৰু ১০ বছৰীয়া দুগৰাকী ছাত্ৰীৰ অভিযোগৰ পিছত অভিভাৱকে ৰঙিয়া আৰক্ষী থানাত খবৰ দিয়ে।

ইয়াৰ পিছতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় বৰ্মনৰ নেতৃত্বত এটা দলে আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক দাসক আটক কৰি থানালৈ লৈ আনে। সম্প্ৰতি অধিক তথ্যৰ বাবে প্ৰধান শিক্ষক গৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে প্ৰধান শিক্ষক বীৰেন দাসে পূৰ্বেও ছাত্ৰী দুগৰাকীক অসামাজাকিক কাৰ্য কৰিবলৈ ইংগিত দি আহিছিল বুলি ছাত্ৰী দুগৰাকীৰ পৰিয়ালে জনায়। লম্পট প্ৰধান শিক্ষক বীৰেন দাস ৰঙিয়াৰ মধুকুছি গাঁৱৰ ডাঙৰচুবুৰীৰ বাসিন্দা আৰু পূৱ কছাৰীমহল কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সম্পাদক তথা সমাজকৰ্মী।

Also Read: মৃণাল শইকীয়াই কোৱা কথাখিনিৰ পৰ্যালোচনা হ'ব লাগেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

rangia teacher biren das kamrup police student assault