/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8d66d62b-a92a-4aa1-91a5-049056b15c54/JAMUGURI_12.jpg)
জামুগুৰিহাটৰ ইটাখোলাত বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা জব্দ...
-
জামুগুৰিহাটৰ ইটাখোলাত বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা জব্দ।
-
দিপাৱলী আৰু কালী পূজাৰ আনন্দৰ মাজতে চলিছে এই অবৈধ সৰবৰাহ।
-
উৎসৱৰ বতৰত সুৰাৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে এইদৰে চলিছে অবৈধ সৰবৰাহ।
-
ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ নেতৃত্বত এনে অবৈধ সুৰা সৰবৰাহৰ বিৰুদ্ধে চলিছিল অভিযান।
-
গোপন সূত্ৰৰ ভিত্তিত চলাই এই অভিযানত আৰক্ষী দলটোৱে পুৱতিনিশা পৰিত্যক্ত এটি গৃহৰ পৰা জব্দ কৰে ২৬ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা৷
-
এই অবৈধ সুৰাখিনিৰ মূল্য প্ৰায় এক লাখ টকাৰো অধিক বুলি জানিব পাৰা গৈছে ৷
Also Read: শিলচৰ-তিনিচুকীয়াৰ মাজত নতুন LHB সুবিধা যুক্ত 'বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ'ৰ ফ্লেগ অফ...