/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fe3bce46-e7b2-40de-b1e6-160b5037418f/SILCHAR_12.jpg)
শিলচৰ-তিনিচুকীয়াৰ মাজত নতুন LHB সুবিধা যুক্ত 'বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ'ৰ ফ্লেগ অফ...
ডিজিটৈল সংবাদ শিলচৰ: প্ৰথম বাৰৰ বাবে শিলচৰ তিনিচুকীয়াৰ মাজত আৰম্ভ হ'ল অত্যাধুনিক LHB সুবিধা যুক্ত নতুন যাত্ৰীবাহী ৰে'লৰ। বৰাক - ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ নামৰ এই LHB সুবিধা যুক্ত নতুন যাত্ৰীবাহী ৰে'লখনৰ শনিবাৰে নিশা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিলচৰৰ সাংসদ ডা: ৰাজদীপ ৰয়, বিধায়ক দিপায়ন চক্ৰৱৰ্তী আৰু ৰে'ল বিভাগৰ কৰ্মচাৰীসকলে।
প্ৰতি শনিবাৰে নিশা ৭-৫০ বজাত শিলচৰৰ পৰা যাত্ৰা কৰি পিছদিনা ৰাতিপুৱা ৯-৩০ বজাত নিউ তিনিচুকীয়াত উপস্হিত হ'ব এই নতুন ৰে'লখন। ২২ টা ডবা সন্নিবিষ্ট এই ৰে'লখনত ১২ টা থ্ৰি টায়াৰ শ্লীপাৰ, ৪ টা এ চি থ্ৰি টায়াৰ শ্লীপাৰ, ৩ টা এ চি থ্ৰি টায়াৰ আৰু ১টা এ চি টু টায়াৰ শ্লীপাৰ ডবা থকাৰ বিপৰীতে ১১২ গৰাকী যাত্ৰীৰ বাবে কেবাটাও সাধাৰন ডবা সন্নিবিষ্ট কৰা হৈছে।
এই নতুন ৰে'লখনৰ ফ্লেগ অফ কৰি সাংসদ ৰাজদীপ ৰয়ে শনিবাৰৰ দিনটো বৰাকবাসীৰ বাবে এটা আনন্দ আৰু গৌৰৱৰ দিন বুলি মন্তব্য কৰে। অহা বছৰ শিলচৰ আৰু ত্ৰিপুৰাৰ মাজত বৈদ্যুতিক ৰে'লৰ যাত্ৰা আৰম্ভ হ'ব বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।
অনুষ্ঠানত শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তীয়ে ভাষণ দি যাতায়তৰ ক্ষেত্ৰত বৰাকৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনায়। অনুষ্ঠানত শিলচৰ ৰে'ল ষ্টেচনৰ ষ্টেচন অধীক্ষক দেবাশীষ পালচৌধুৰীসহ ৰে'ল বিভাগৰ কেবাজনো বিষয়া কৰ্মী উপস্হিত থাকে।
Also Read: যুদ্ধৰ মাজতে গাজাৰ পৰা মানৱীয় বাৰ্তা দিলে ইজৰাইলী সেনাই....