গহপুৰত সুৰেশ চন্দ্ৰ বৰঠাকুৰ স্মাৰক বক্তৃতানুষ্ঠানত হৃষিকেশ গোস্বামী

গহপুৰত সুৰেশ চন্দ্ৰ বৰঠাকুৰ স্মাৰক বক্তৃতানুষ্ঠানত হৃষিকেশ গোস্বামী

ডিজিটেল সংবাদ,ছয়দুৱাৰ : সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট শিক্ষাবিদ সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ কৃতি আৰু কৃতিত্বক স্মৰণ কৰাৰ উদ্দেশ্যে শুকুৰবাৰে এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গতি-প্ৰগতি সন্দৰ্ভত আলোকপাত কৰাৰ মানসেৰে গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ উদ্যোগত গহপুৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰবীণ সাংবাদিক সুৰেশ চন্দ্ৰ বৰঠাকুৰ স্মাৰক বক্তৃতানুষ্ঠান।

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হয় "তেতিয়া আৰু এতিয়াৰ সাংবাদিকতা : প্ৰত্যাহ্বান, পৰিবৰ্তন আৰু সম্ভাৱনা" শীৰ্ষক স্মাৰক বক্তৃতানুষ্ঠান। বক্তা হিচাপে অংশগ্ৰহণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা,বিশিষ্ট চিন্তাবিদ,স্তম্ভ লেখক তথা অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে।

তেওঁ কয় যে সাংবাদিক সকল এখন সমাজৰ চকু,কাণ,বিবেক আৰু সমাজৰ কণ্ঠ।অন্যায়, অবিচাৰ,দুৰ্নীতি,অনিয়মৰ বিৰূদ্ধে মাত মাতি সমাজ সুশৃংখল কৰাৰ দায়িত্ব সাংবাদিকসকলৰ। সদায় জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰাৰ বাবে দায়বদ্ধ সাংবাদিক সকলে গণতান্ত্ৰিক স্বাধীনতা প্ৰয়োগ কৰি সমাজৰ সৰ্বস্তৰ সচেতন আৰু সজাগ কৰি ৰখাৰ বাবে নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই যোৱাৰ বাবে বদ্ধপৰিকৰ হ'ব লাগিব।

গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সভাপতি পল্লৱ বৰাই আঁত ধৰা উক্ত বক্তৃতানুষ্ঠানত তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয় যে, সাংবাদিক সকলে প্ৰকৃত মূল্যবোধ জীয়াই ৰাখিব পাৰিলেহে সুস্থ সমাজ গঠনত ইতিবাচক প্ৰভাৱ পৰিব। জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ভাগ্যশ্ৰী বৰাই পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ হোৱা উক্ত বক্তৃতানুষ্ঠানত হৃষিকেশ গোস্বামীয়ে আৰু কয় যে সাংবাদিক সকল দায়বদ্ধশীল আৰু সচেতন নহ'লে তেনে সাংবাদিকক সমাজে প্ৰত্যাখ্যান কৰাতো নিশ্চিত।

এগৰাকী নিষ্ঠাবান সাংবাদিক হ'বলৈ যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লাগিব। আজিৰ সমাজত কাঠফুলাৰ দৰে গঢ়ি উঠিছে একাংশ পৰ্টেল সাংবাদিক। কোনো বিচাৰ-বিবেচনা নকৰাকৈ বাতৰি পৰিৱেশন কৰি তেনে সাংবাদিকে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাত আঘাট হানিছে।

১৯৩২ চনত ভোলাগুৰী চাহ বাগিচাত চিত্ৰবণ ষ্টুডিঅ' সাজি জ্যোতি প্ৰসাদ আগৰৱালাই জয়মতী কথাছবি নিৰ্মাণ কৰা আৰু একাংশ মাফিয়াই ক'লা টকাৰে ধন ঘটাৰ লালসাত চিনেমা নিৰ্মাণ কৰাৰ মাজত যেনেদৰে যথেষ্ট পাৰ্থক্য আছে ঠিক তেনেদৰে দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু একে ৰাতিৰ ভিতৰতে সাংবাদিক হোৱাৰ মাজতো একেই পাৰ্থক্য নিহিত হৈ আছে বুলি হৃষিকেশ গোস্বামীয়ে উল্লেখ কৰে।

তেওঁ লগতে কয় যে, যি কোনো কাম বিশৃংখলকৈ কৰিলে হিতে বিপৰীত হয়। সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ পত্নী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লিলী বৰঠাকুৰে প্ৰয়াত স্বামী সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি স্মাৰক বক্তৃতানুষ্ঠানটোত উদ্বোধন কৰে। উদ্বোধণী ভাষণ প্ৰদান কৰি বিশ্বনাথ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই কয় য়ে সমাজক উপযুক্ত গতি প্ৰদান কৰাৰ ক্ষেত্ৰত সাংবাদিক সকলে সৎ সাহসেৰে আগবাঢ়ি যাব লাগিব।

এগৰাকী সফল সাংবাদিক হ'বলৈ হ'লে তথ্য সংগ্ৰহত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনাই লুকুমণি বৰাই নতুন প্ৰজন্মৰ সাংবাদিক সকলক প্ৰতিটো বিষয়ৰ ওপৰত অধ্যয়ন কৰাৰ বাবে গুৰুত্ব দিবলৈ অনুৰোধ কৰে। সমাজ গঠনত প্ৰশাসন আৰু সংবাদ মাধ্যমৰ মাজত থাকিবলগীয়া সম্পৰ্কৰ বিষয়েও আলোকপাত কৰে তেওঁ।

গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বিপ্লৱ নেওগে উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই পত্ৰিকা সম্পাদক প্ৰণৱ জ্যোতি শইকীয়া আৰু স্মাৰক বক্তৃতা অনুষ্ঠানটোৰ আহ্বায়কদ্বয় ভুৱন শইকীয়া আৰু ভাস্কৰ জ্যোতি ভূঞাই। উক্ত অনুষ্ঠানটোত গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মণীষ ভড়ালী,ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ সিং ৰাজপুত,সাংবাদিক নগেন কোঁৱৰ, নগেন শইকীয়া, নৰেন বৰা,ৰতন ভূঞা, দুৰ্গা পৌড়েল,ৰঞ্জিত শইকীয়া, মিণ্টু হেমৰম,নিৰঞ্জন হাজৰিকা, বসন্ত বৰা,জগতাৰ সিং,ভৰত দাস,হেমন্ত শইকীয়া,নিত্যানন্দ বৰুৱা,পৰাশ শইকীয়া, বিপুল কুমাৰ দিহিংগীয়া,দীপ কুমাৰ শৰ্মা,হিৰণ্য বৰঠাকুৰকে ধৰি দুই শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গহপুৰ মহকুমা সাংবাদিক সন্থাৰ বিষয়ববীয়া দীপন দিহীংগীয়া,ৰমেন বৰা,নিতুল বৰাই অতিথি সকলক আদৰণি জনায়। উল্লেখযোগ্য যে উক্ত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কমলজিৎ দত্ত,ধ্ৰুৱ বৰা,ৰাজ কিশোৰ প্ৰসাদ, সদৌ অসম ছাত্র সন্থাৰ ভুৱনেশ্বৰ তাঁতী,দিব্যজ্যোতি ভূঞা, আটাছাৰ নিলোৎপল ৰৱিদাস,টি এম পিকেৰ ৰাজীৱ পেগু,অনুসূচিত জাতি ছাত্র সন্থাৰ বিপুল হীৰা,মিলন দাস,মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৰিতুল বৰুৱা, গহপুৰ পৌৰসভা,সাংস্কৃতিক কৰ্মী লীনা শইকীয়া বৰা,যাদৱ চলিহা,শিক্ষক অমৰেন্দ্ৰ কলিতা, পৰীক্ষী ৰাজখোৱা, নামাঞ্জলী বৰুৱা, সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকা,শংকৰলাল আগৰৱালাকে ধৰি বিভিন্ন ব্যক্তি আৰু দল-সংগঠনে হৃষিকেশ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে।

গহপুৰত সুৰেশ চন্দ্ৰ বৰঠাকুৰ স্মাৰক বক্তৃতানুষ্ঠানত হৃষিকেশ গোস্বামী
মিজোৰাম ৰাজভৱনত অসম-নাগালেণ্ড দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in