চাৰ্ভাইকেল আৰু বেষ্ট কেঞ্চাৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক দিব মোডীয়েঃ মুখ্যমন্ত্ৰী

বিহালীৰ ব্ৰহ্মাজান চাহ বাগিচাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
চাৰ্ভাইকেল আৰু বেষ্ট কেঞ্চাৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক দিব মোডীয়েঃ মুখ্যমন্ত্ৰী
চাৰ্ভাইকেল আৰু বেষ্ট কেঞ্চাৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক দিব মোডীয়েঃ মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ,ছয়দুৱাৰঃ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা উদ্দেশ্যে সোমবাৰে বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মাজান চাহ বাগিচাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ব্ৰহ্মাজান চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাখনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত কয় যে, শোণিতপুৰ লোকসভা সমষ্টিৰ ৯ টা বিধান সভা সমষ্টিতে ভোটাৰ ৰাইজৰ যেনে উছাহ দেখিবলৈ পোৱা গৈছে সেয়াই প্ৰমাণ কৰিছে যে লোকসভা নিৰ্বাচনত এক অভিলেখ গঢ়ি বিজয়ী হ'ব বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত। শোণিতপুৰ লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তক ভোট দি জয়যুক্ত কৰাৰ লগতে তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডীক ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ ভোটাৰ ৰাইজক অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে।

বিজেপিয়ে প্ৰকাশ কৰি উলিওৱা সংকল্প পত্ৰৰ দোহাই দি হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে মহিলা সকলৰ সাধাৰণতে দুই ধৰণৰ কেঞ্চাৰ হয়। চাৰ্ভাইকেল আৰু বেষ্ট কেঞ্চাৰ।বিজেপিৰ সংকল্প পত্ৰত মহিলা সকলৰ এই ধৰণৰ কেঞ্চাৰ ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক প্ৰদানৰ কাৰণে নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা উপযুক্ত পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। লগতে এই বিষয়ে সংকল্প পত্ৰত উল্লেখ থকাৰ কথাও জনাই। খৰিত ভাত ৰন্ধা মহিলা সকলক উজ্বলা আঁচনিৰ ৰন্ধন গেছ প্ৰদান কৰি সকাহ দিয়া, ক'ভিডৰ পৰা মুক্তি পাবলৈ চৰকাৰীভাৱে ক'ভিড ভেকছিন দিয়া,বিনামূলীয়া চাউল প্ৰদান,অৰুণোদয় আঁচনি,জলজীৱন আঁচনিৰ জৰিয়তে খোৱা পানী যোগানৰ ব্যৱস্থা,আয়ুস্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা,ৰেছন কাৰ্ড,৩ বছৰৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰিত নিযুক্তি দিয়া,ধলা-শদিয়া দলং নিৰ্মাণ,গহপুৰৰ পৰা তেজপুৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণ,চকীঘাট দলং নিৰ্মাণ,গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ পদক্ষেপ, গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত আদি বিজেপি চৰকাৰৰ বিভিন্ন কাৰ্য্যব্যৱস্থাৰ তথ্য ডাঙি ধৰে মুখ্য়মন্ত্ৰী শৰ্মাই।

ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে এবছৰৰ ভিতৰত আৰু ৫০ হাজাৰ নতুন নিযুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে।এই নিযুক্তি প্ৰক্ৰিয়াত যি সকল নিবনুৱা যুৱক-যুৱতীৰ ঘৰত চৰকাৰী চাকৰি নাই তেনে যুৱক-যুৱতীক সকলক দহ নম্বৰকৈ বেছিকৈ নম্বৰ দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। তদুপৰি ৪ মাহৰ ভিতৰত ঘৰে ঘৰে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে নিবনুৱা যুৱকক ২ লাখ টকাকৈ চৰকাৰে সাহাৰ্য্য প্ৰদানৰ কথা উল্লেখ কৰে।ইয়াৰে এক লাখ টকা ৫ বছৰৰ পিছত মাহে দুহেজাৰ টকাকৈ ঘূৰাই দিব লাগিব বুলি উল্লেখ কৰে। আধাৰ কাৰ্ডক লৈ সমস্যাত ভোগা লোক সকলৰ আধাৰ কাৰ্ডৰ সমস্যা অহা ছমাহৰ ভিতৰত সমাধান হ'ব বুলিও জনাই হিমন্ত বিশ্ব শৰ্মাই। বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ অহা ৮/৯ মাহৰ ভিতৰত শৈক্ষিক ব্যৱস্থাৰ আনুষ্ঠানিক আৰম্ভণি কৰাৰ বাবে চৰকাৰে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত ২০২৪ চনৰ ভিতৰত গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপনৰ কাম আৰম্ভ হব বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ ব্ৰহ্মাজান চাহ বাগিচা অঞ্চলত চিকিৎসালয় স্থাপন, ঘাঁহিগাঁৱৰ পৰা অৰুণাচল বালিজানলৈ যোৱা পথটো অসম মালা আঁচনিৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰা,বুৰৈ আৰু বৰগাং নৈৰ ওপৰেৰে বৰঙাবাৰীৰ পৰা মোনাবাৰীলৈকে গড়কাপ্তানী পথ নিৰ্মাণ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বাখ্যা আগবঢ়াই।

অসমত বসবাস কৰা গোৰ্খা ৰাইজৰ "ডি" ভোটাৰৰ সমস্যা সমাধানৰ বাবে চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা কাৰ্য্যকৰী পদক্ষেপ আৰু গুলি-বাৰুদৰ শব্দ নাইকিয়া কৰি অসমত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠী ৰাইজৰ মাজত সমন্বয় স্থাপনৰ বাবে চৰকাৰখনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে সেই বিষয়ে আলোকপাত কৰে মুখ্যমন্ত্ৰী শৰ্মাই। লাখপতি বাইদেউ আঁচনিৰ সুবিধা আৰু কলেজত নামভৰ্তি কৰাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে চৰকাৰীভাৱে আগবঢ়োৱা সাহাৰ্য্যৰ বিষয়েও ভাষণত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ জিঅ' টেগ কৰিবলৈ এতিয়াৰে পৰা মহিলা আত্মসহায়ক গোটক নিয়োগ কৰি হিতাধিকাৰী নিৰ্বাচনত অধিক স্বচ্ছতা অনা হ'ব বুলি তেওঁ ভাষণত উল্লেখ কৰে।প্ৰায় পাঁচ সহস্ৰাধিক বিজেপি নেতা,কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা,বিজেপি নেতা দিগন্ত ঘাটোৱাৰ, পংকজ বৰা,নোমল বৰুৱা, দীপক চাহু আদি উপস্থিত থাকে।

চাৰ্ভাইকেল আৰু বেষ্ট কেঞ্চাৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক দিব মোডীয়েঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে এইবাৰহে ভোট দিব কংগ্ৰেছৰ চিনত, আগতে বিজেপি আছিলঃ হিমন্ত বিশ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in