/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a4a72f10-6dcf-4e36-88fa-1918b8f2abc8/Pijushzzz.jpg)
ডিজিটেল ডেস্ক : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে ৰঙিয়া আৰু হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চল ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত নিৰ্মাণ আৰু মেৰামতি হৈ থকা মথাউৰিৰ কাম পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ৰঙিয়াৰ বগৰীবাৰীত গৈ উপস্থিত হৈ পুথিমাৰী নদীৰ মথাউৰিৰ কামৰ প্ৰত্যক্ষ বুজ লয় ।
উল্লেখ্য যে, বিগত বৰ্ষত এই অঞ্চলৰ লগতে মথাউৰিটোৰ আন দুটি স্থানত চিঙি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰিছিল। জলসম্পদ বিভাগে তিনিওটা চিগাৰ মেৰামতি আৰু মথাউৰিটো ওখ তথা শক্তিশালী কৰাৰ বাবে প্ৰায় ৩৬ কোটি টকা ব্যয়সাপেক্ষ আঁচনি গ্ৰহণেৰে কাম কৰি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/872fe97e-e0b8-4fe7-888f-0f92d19b67fb/18d20ddd_24d4_408e_8385_710e092a2ef3.jpg)
বুধবাৰে মন্ত্ৰীগৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰি বিভাগীয় আভিযন্তা আৰু ঠিকাদাৰক মথাউৰিটোৰ মেৰামতিৰ কাম আপোচবিহীনভাৱে কৰি যাবলৈ নিৰ্দেশ দিয়ে । আনহাতে অঞ্চলটোৰ ৰাইজৰ সৈতেও মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক মথাউৰি নিৰ্মাণৰ কাম সময়মতে ভালদৰে সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9820576e-5b17-4a33-9b3a-6c894cb58d31/3a26fde0_d0a5_45bd_ab8f_093e140f8351.jpg)
পৰৱৰ্তী পৰ্যায়ত জলসম্পদ মন্ত্ৰীগৰাকীয়ে হাজো সমষ্টিৰ চমোখাঘাট আৰু বাথান অঞ্চলত উপস্থিত হৈ বৰলীয়া নদীৰ মথাউৰিৰ মেৰামতি আৰু খহনীয়াৰোধৰ কাম পৰিদৰ্শন কৰে। বিগত বৰ্ষত অঞ্চলটোত বৰলীয়া নদীৰ বান আৰু খহনীয়াই সমস্যাৰ সৃষ্টি কৰিছিল । বিভাগৰ অধীনত প্ৰায় ১৩ কোটি টকা পুঁজিৰে মথাউৰিৰ মেৰামতি আৰু খহনীয়াৰোধৰ কাম কৰি থকা হৈছে । প্ৰায় সমাপ্তিৰ পথত থকা এই কাম পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰীকাই সন্তোষ্টি প্ৰকাশ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/85f0abe5-5337-4be9-94a8-482e8cea76b2/20a430ef_f869_44b8_87fc_eecfce10cac1.jpg)
পৰিদৰ্শনৰ সময়ত উপস্থিত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, ৰাজ্যবাসীক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ অসম চৰকাৰ বদ্ধ পৰিকৰ আৰু এই উদ্দেশ্যৰেই জলসম্পদ বিভাগে তৎপৰতাৰে কাম কৰি আছে ।