শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত বাধা আৰোপ

শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত বাধা আৰোপ

author-image
Asomiya Pratidin
New Update
শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত বাধা আৰোপ

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ,শোণিতপুৰ: শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গধুৰ বোজা বহন কৰা অৰ্থাৎ ১২/১৬/২২/২৪ চকীয়া বাহন আদিৰ চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ। এইসমূহ গধুৰ বাহনৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অছোৱাত অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাহিৰে আন গধুৰ বাহন চলাচলত বাধা আৰোপ কৰিছে।

Advertisment

বৰ্তমান বাৰিষাৰ বতৰত অবিৰত বৰষুণৰ বাবে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অধিক অৱনতি ঘটাৰ আশংকা কৰি আৰু যিকোনো বাহন চলাচলৰ বাবে বিপজ্জনক হৈ পৰিছে। ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১৭ জুন,২০২৩ত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত সংশ্লিষ্ট সকলোকে ৰাষ্ট্ৰীয় ঘাইপথত ১০ চকীয়াতকৈ অধিক গধুৰ বোজা বহন কৰা বাহনৰ চলাচলত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে।

এই নিৰ্দেশ ৰূপায়ণ কৰা ক্ষেত্ৰত কোনো বিষয়া, কাৰ্যনিৰ্বাহক সংস্থা, বিভাগ, প্ৰতিষ্ঠান আৰু ব্যক্তি আদিক কাম সম্পন্ন কৰা সময়ত বাধা আৰোপ কৰিলে তেনে লোকৰ বিৰুদ্ধে প্ৰচলিত আইন আৰু নীতি অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জিলাখনত জাৰি কৰা হৈছে ।

Also Read: ব্ৰহ্মজ্যোতি নামঘৰৰ চৌহদত ৰাইজৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী

national highway