/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/af28acdb-f14e-4b22-830f-11a7b79eebe5/121.jpg)
ডিজিটেল সংবাদ,ছয়দুৱাৰ : গহপুৰ মহকুমাৰ শৈক্ষিক জগতত বৃহস্পতিবাৰে সংযোজিত হৈছে এখন নতুন শৈক্ষিক প্ৰতিষ্ঠানৰ। মহকুমাটোৰ হেলেম মৌজাৰ অন্তৰ্গত মিছামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা সুবিধা জনক আৰু আটকধুনীয়া পৰিৱেশত গঢ় লৈ শৈক্ষিক প্ৰতিষ্ঠানখনৰ নাম "সিদ্ধি বিনায়ক গুৰুকুল"।
এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত বিদ্যালয়খনৰ ফিটা কাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে "অসমীয়া প্ৰতিদিন"ৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই। উদ্বোধনী ভাষণত সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই কয় যে গহপুৰৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ বুকুত জন্ম লাভ কৰা এই নতুন শৈক্ষিক প্ৰতিষ্ঠানখনে বৃহত্তৰ হেলেম অঞ্চলৰ শৈক্ষিক পৰিৱেশত এক যোগাত্মক প্ৰভাৱ পেলাব। অনাগত দিনত এই বিদ্যালয়খন এজোপা বটবৃক্ষলৈ ৰূপান্তৰিত হৈ বৃহত্তৰ অঞ্চলটোত এক শৈক্ষিক জাগৰণ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই।
চৰকাৰী শিক্ষকৰ দায়িত্বৰ পৰা স্বেচ্ছাই আঁতৰি আহি এটা সমৰ্পিত মন লৈ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰে জড়িত হৈ পৰা জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ স্বস্তাধিকাৰী জিলমিল বৰা তামুলীয়ে দিন-ৰাতি একাকাৰ কৰি শৈক্ষিক উত্তৰণৰ কাৰণে গ্ৰহণ কৰি অহা পদক্ষেপক ভাষণৰ জৰিয়তে শলাগ লয় সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই। ইয়াৰ পিছতে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন অভিভাৱক সন্মিলনত ভাষণ প্ৰদান কৰি জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ অধ্যক্ষ ডঃ যুগল বৰাই কয় যে সিদ্ধি বিনায়ক গুৰুকুল বিদ্যালয়খন নতুন শিক্ষানীতিৰ আধাৰত প্ৰতিষ্ঠিত হৈছে। বিদ্যালয়খনত তিনি বছৰ বয়সতে নামভৰ্তি কৰাটো বাধ্যতামূলক বুলি তেওঁ ভাষণত উল্লেখ কৰে।
অভিভাৱক সন্মিলনখনত ভাষণ প্ৰদান কৰি জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ পৰিচালন সঞ্চালিকা তথা সিদ্ধি বিনায়ক গুৰুকুলৰ স্বত্বাধিকাৰী জিলমিল বৰা তামুলীয়ে কয় যে এই বিদ্যালয়খনে পুথিগত শিক্ষাৰ উপৰিও শাৰিৰীক,নৃত্য-গীত,সংগীত চিত্ৰাংকন আৰু নৈতিক শিক্ষাৰ ওপৰত গুৰুত্ব দি ছাত্র-ছাত্ৰী সকলক আগুৱাই নিবলৈ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিছে। শুকুৰবাৰৰ পৰা প্ৰি-প্ৰাইমেৰী শাখাত পাঠদানৰ বাবে দিহা কৰা বিদ্যালয়খন পৰবৰ্তী সময়ত ষষ্ঠ শ্ৰেণীৰ পৰা আৱাসিক বিদ্যালয় হ'ব তেওঁ উল্লেখ কৰে।
আকৰ্ষণীয় "প্লে-হাইছ" আৰু "ডিজিটেল কক্ষ"ৰ জৰিয়তে কণ কণ ছাত্র-ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ কথা ভাষণত উল্লেখ কৰে জিলমিল বৰা তামুলীয়ে।বিদ্যালয়খনত বহি:ৰাজ্যৰ পৰা অনা অভিজ্ঞ শিক্ষকক নিযুক্ত কৰাৰ কথাও ভাষণৰ জৰিয়তে জানিবলৈ দিয়ে জিলমিল বৰা তামুলীয়ে।
Also Read: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩খন ৰাজ্যৰ সমষ্টিৰ সংখ্যা,পঢ়ক সবিশেষ...