বুৰঞ্জী বিষয়ত সৰ্বোচ্চ নম্বৰৰে উজ্বলিল নৌচিন...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী নৌচিন আশ্ৰফৰ কৃতিত্ব৷ ইটাখোলাত আনন্দৰ জোৱাৰ...
বুৰঞ্জী বিষয়ত সৰ্বোচ্চ নম্বৰৰে উজ্বলিল নৌচিন...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বুৰঞ্জী বিষয়ত বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে নৌচিন আশ্ৰফে। ইটাখোলাৰ শিক্ষাৰ্থী নৌচিন আশ্ৰফৰ এই খবৰে অধ্যয়ন কৰা তেজপুৰ স্থিত দৰং মহাবিদ্যালয়ৰ লগতে সমগ্র শোণিতপুৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

সৰুৰে পৰা মেধা সম্পন্ন নৌচিন আশ্ৰফে বুৰঞ্জী বিষয়ক সন্মানীয় বিষয় হিচাবে লৈ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৯ পইন্ট (চি জি পি এ) লাভ কৰে। বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা নৌচিনৰ এই খবৰে ইটাখোলা অঞ্চলত আনন্দৰ জোৱাৰ আনিছে।

উল্লেখ্য নৌচিন আশ্ৰফে ইটাখোলা স্থিত ব্লু-পাইন ইংলিচ হাইস্কুলত প্ৰাক প্ৰাথমিক, প্ৰাথমিক শিক্ষা আৰম্ভ কৰি উক্ত বিদ্যালয়খনৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেজপুৰ স্থিত আৰ্মী পাব্লিক স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলতো সুখ্যাতিৰে উৰ্ত্তীণ হয়।

ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্যৰে অধ্যয়ন কৰি যোৱা নৌচিন আশ্ৰফ ইটাখোলাৰ ন-নম্বৰ নিবাসী সমাজকৰ্মী আশ্ৰফ আলি আনছাৰী আৰু ৰেজিয়া আশ্ৰফৰ দ্বিতীয় কন্যা।

বুৰঞ্জী বিষয়ত সৰ্বোচ্চ নম্বৰৰে উজ্বলিল নৌচিন...
মহানগৰীত অসমীয়াত কথা কোৱাৰ বাবেই যুৱকক প্ৰহাৰ হিন্দীভাষীৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in