মহানগৰীত অসমীয়াত কথা কোৱাৰ বাবেই যুৱকক প্ৰহাৰ হিন্দীভাষীৰ...

মহানগৰীত অসমীয়াত কথা কোৱাৰ বাবেই যুৱকক প্ৰহাৰ হিন্দীভাষীৰ...

ডিজিটেল ডেস্কঃ নিশা গুৱাহাটী মহানগৰীৰ খ্রীষ্টানবস্তিত সংঘটিত হয় প্রচণ্ড মাৰপিটৰ ঘটনা। এই ঘটনা সংঘটিত হয় বাৰ্বী হোটেল এণ্ড ফাষ্ট ফুড নামৰ হোটেলখনত। অসমীয়াত কথা পতা-নপতাক লৈ তৰ্কাতৰ্কি হোৱাৰ ফলতেই সূত্ৰপাত হয় মাৰপিটৰ।

ঘটনাক্ৰমে সুৰামত্ত অৱস্থাত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে হোটেলখনত সোমাইছিল ৫জন যুৱক। হোটেলৰ কৰ্মচাৰীয়ে অসমীয়াত কথা পতাৰ বাবেই মাৰধৰ কৰে হিন্দীভাষী সুৰামত্ত যুৱকেইজনে। যাৰ বাবে উত্তেজিত হৈ পৰে উপস্থিত একাংশ স্থানীয় লোক। মাৰপিট দেখি উপস্থিত লোকে যুৱক কেইজনক বাধা প্ৰদান কৰাত যুৱককেইজনে ওলোটাই উপস্থিত ৰাইজক দাবী ধমকি দিয়াত যুৱককেইজনৰ থাৰ বাহন ভাঙি চূৰমাৰ কৰে উত্তেজিত ৰাইজে।

উল্লেখ্য ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ ৫যুৱকৰ ভিতৰত ৩জনক থানালৈ নিয়ে যদিও ২জন যুৱকে পলায়ন কৰে।

মহানগৰীত অসমীয়াত কথা কোৱাৰ বাবেই যুৱকক প্ৰহাৰ হিন্দীভাষীৰ...
আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in