গহপুৰৰ দক্ষিণ অঞ্চলত অপৰিৱৰ্তিত বান পৰিস্থিতি : বন্যাৰ্তক খাদ্য সামগ্ৰী যোগান মহকুমা প্ৰশাসনৰ

বানত সন্ধানহীন হোৱা সুনীল প্ৰধানৰ ওলোৱা নাই সন্ধান
গহপুৰৰ দক্ষিণ অঞ্চলত অপৰিৱৰ্তিত বান পৰিস্থিতি : বন্যাৰ্তক খাদ্য সামগ্ৰী যোগান মহকুমা প্ৰশাসনৰ
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ মহকুমাৰ দক্ষিণ অঞ্চলৰ বাকৰীদলনী, বৰতামুলী, ৰাওনামুখ, লোহিতমুখ, পিছলা সোঁৱণশিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নৈপৰীয়া গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বানৰ তাণ্ডৱ। বানক্ৰান্ত ৰাইজৰ সাময়িক সকাহৰ বাবে মহকুমা প্ৰশাসনে ঠায়ে ঠায়ে স্থাপন কৰিছে অস্থায়ী শিবিৰ।

শিবিৰসমূহত স্বাস্থ্য ও চিকিৎসা কৰ্মী নিয়োগ কৰি প্ৰতিদিনে চিকিৎসাৰ ব্যৱস্থা কৰিছে মহকুমাধিপতি লুকমণি বৰাই। আশ্ৰয় শিবিৰসমূহত প্ৰসূতি মাতৃ, শিশু আৰু মহিলাৰ বাবে সুকীয়া সুকীয়া কক্ষ স্থাপন কৰি তেওঁলোকক চৰকাৰীভাৱে উপযুক্ত সুবিধা প্ৰদানত গুৰুত্ব দিছে প্ৰশাসনে।

ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকমণি বৰাৰ নেতৃত্বত চক্ৰ বিষয়া মণিষ ভড়ালী, হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইড, সহকাৰী আয়ুক্ত মাধ্যুৰ্য্য পৰাশৰ আৰু চয়নিকা হাজৰিকাই নাৱত উঠি বান কবলিত ৰাইজক সকাহ দিয়াৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

মহকুমাধিপতি লুকমণি বৰাই বান কবলিত ৰাইজক চৰকাৰী হিচাপত খাদ্য সামগ্ৰী যোগান ধৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। এজনো বন্যাৰ্ত যাতে সাহাৰ্য্যৰ পৰা বঞ্চিত নহয়, তাৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ গাঁও প্ৰধান আৰু লাট মণ্ডলসকলক নিৰ্দেশ দিছে মহকুমাধিপতিগৰাকীয়ে।

সেই অনুসৰি মহকুমাটোৰ বান কবলিত অঞ্চলসমূহত গাঁও প্ৰধান আৰু লাট মণ্ডলসকলে মহকুমা প্ৰশাসনৰ তদাৰকত শৃংখলাবদ্ধভাৱে খাদ্য সামগ্ৰী বিতৰণ কৰে। সমান্তৰালভাৱে পৰ্য্যাপ্ত পৰিমাণৰ পশু খাদ্যও বিতৰণ কৰিছে। বান কবলিত অঞ্চলসমূহত স্বাস্থ্য ও চিকিৎসা বিভাগ, এছ ডি আৰ এফ, আশা কৰ্মী, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসম্পদ বিভাগ, সংহত শিশু উন্নয়ন প্ৰকল্প আদি বিভিন্ন বিভাগক সষ্টম কৰি ৰাখিছে মহকুমাধিপতি লুকমণি বৰাই।

ইফালে গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰি দলনীৰ কৰ্টেল গাঁৱত ব্ৰহ্মপুত্ৰৰ বানত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা সন্ধানহীন হোৱা স্থানীয়  যুৱক সুনীল প্ৰধান(২২)ৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই। ডুবাৰু বাহিনীয়ে যোৱা নিশাৰে পৰা চলোৱা উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কৰ্মসূত্ৰে ইটানগৰত থকা সুনীল সোমবাৰে ঘৰলৈ আহিছিল। উক্ত সময়ত তেওঁ দুজনমান সতীৰ্থৰ সৈতে এখন হাত নাৱেৰে কৰ্টেল গাঁৱৰ ঘৰলৈ গৈ আছিল।

তেনেতে ঘৰ পাবলৈ সামান্য দূৰত্ব থকাৰ সময়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানত নাঁও ডুবি সন্ধানহীন হয়  সুনীল প্ৰধান। ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধিৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

অৱশ্যে নাৱখনত থকা তেওঁৰ সতীৰ্থসকল কোনোমতে উদ্ধাৰ হয়। বিপৰীতে মূহুৰ্তৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বানত সন্ধানহীন হৈ পৰে সুনীল প্ৰধান।

গহপুৰৰ দক্ষিণ অঞ্চলত অপৰিৱৰ্তিত বান পৰিস্থিতি : বন্যাৰ্তক খাদ্য সামগ্ৰী যোগান মহকুমা প্ৰশাসনৰ
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত কেইবাখনো গাঁৱৰ বন্যাৰ্তৰ মাজত সাহায্য প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in