/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d2dc6b00-29b6-4011-b0a6-86eec1dbe67c/5.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: বছৰৰ প্ৰথমটো বানৰ কবলত পৰা ঢকুৱাখনা মহকুমাৰ ২১ নং পূব ঢকুৱাখনা আৰু মাতমৰা পৰিষদীয় সমষ্টিৰ বানাক্ৰান্তৰ মাজত মঙলবাৰে বিতৰণ কৰা হয় বান সাহায্য। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা পৰিষদীয় সমষ্টিটোৰ সদস্য সুনীল কুমাৰ পেগুৰ তৎপৰতাত দুৰ্গতসকলৰ মাজত বান সাহার্য বিতৰণ কৰা হয় ।
ব্ৰহ্মপুত্ৰৰ নদীপৰীয়া বান বিধ্বস্ত মুঠ ২৪ টা পৰিয়ালৰ মাজত মঙলবাৰে পৰিষদৰ তৰফৰ পৰা ৭০খন টাৰ্পলিন আৰু ১০ টা নলীনাদ বিতৰণ কৰা হয়। বাহিৰ টুৰিবাৰী গাঁৱৰ ২৪ টা পৰিয়ালক বান সাহাৰ্য বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e79224c4-7e97-427d-9864-66f9892b5ba6/4761c6ee-2988-429f-bf5b-3f7b5ac392d1.jpg)
একেদৰে যোগীসুঁতি গাঁৱৰ ১২ টা পৰিয়াল, বাহিৰ বান্দেনা গাঁৱৰ ২০ টা পৰিয়াল ,বাঘচুক গাঁৱৰ ৬ টা আৰু লোটাচুৰ গাঁৱৰ ২ পৰিয়ালক বানসাহার্য প্ৰদান কৰা হয়। উল্লেখযোগ্য যে পৰিষদৰ অন্তৰ্গত ৩৬ টা পৰিষদীয় সমষ্টিত বানাক্ৰান্তৰ মাজত ধাৰাবাহিকভাৱে বান সাহাৰ্য প্ৰদান কৰি অহা বুলি পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c66566ff-8b71-47cb-9ab5-849b3ddd07af/beddfa52-8abb-4511-aa68-15526d4123ce.jpg)
উল্লেখিত গাঁৱকেইখনট বান সাহাৰ্য দিয়াৰ সময়ত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু,মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া ক্ৰমে সুৰেশ দলে , মোহন পেগু , ব্ৰিগেন দলে , অমৰজিত পেগু , হীৰেন দলে , টানি তাকৰ পেগু , মহেশ দলে ,ভূপেন দলে , চাৰু কুটুম , মনোজ দাৰিক, দিগন্ত টাইড ,ভাইটি দলে ,বিষ্ণু প্ৰসাদ দলে, জ্যোতিষ পেগু আদি উপস্থিতি থাকে।
Also Read: যোৰপুখুৰীস্থিত শ্ৰী সত্য সাই সাধনা নিলয়মত 'ফেষ্টিভেল অৱ জয়' শীৰ্ষক অনুষ্ঠান