গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান...

গহপুৰ মহকুমা প্ৰশাসনৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত লোক সংস্কৃতিৰ সাধক কমলা গগৈ...

author-image
Asomiya Pratidin
New Update
গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান...

ডিজিটেল সংবাদ, ছয়দুৱাৰ : "সাম্প্ৰতিক সময়ত সমাজৰ বাবে যুৱ উচ্ছৃংখলতা এক মহা ব্যাধি ৰূপে চিহ্নিত হৈছে। এই যুৱ উচ্ছৃংখলতাই সমাজৰ সুস্থ পৰিৱেশ বিষময় কৰি বিঘ্নিত কৰি আহিছে শান্তি-সম্প্ৰীতিৰ পৰিৱেশ। সমাজত ক্ৰমাগত ভাবে বৃদ্ধি পোৱা এই যুৱ উচ্ছৃংখলতা দূৰীকৰণৰ প্ৰধান উপায় হৈছে আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰে যুৱ প্ৰজন্মক বান্ধ খোৱাই তোলা।" গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত হোৱা কৃৰ্তী ছাত্র-ছাত্ৰীৰ এক বিশেষ অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে ভাষণ প্ৰদান কৰে দিহাৰত্ন সন্মানেৰে সন্মানীত লোকসংস্কৃতিৰ সাধক, সু-বক্তা যোৰহাটৰ কমলা গগৈয়ে।

Advertisment

ভাষণ প্ৰসংগত তেওঁ কয় যে, আধ্যাত্মিক চিন্তা হৃদয়ত থাকিলে এজন ছাত্র বা ছাত্ৰীয়ে নিজক এগৰাকী ভাল মানুহ হিচাপে প্ৰস্তুত কৰি তুলিব পাৰিব। আমাৰ সমাজত মেধাৱী ছাত্র-ছাত্ৰীৰ জন্ম হৈছে ঠিকেই। কিন্তু ভাল ছাত্র-ছাত্ৰীৰ অভাৱ পৰিলক্ষিত হৈছে। যাৰ বাবে বৃদ্ধাশ্ৰমৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে। সেইবাবে তেওঁ ভাষণ প্ৰসংগত বিদ্যায়তনিক শিক্ষাৰ উপৰিও নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ মাধ্যমেৰে মানৱৰ পৰা মহামানৱলৈ ৰূপান্তৰিত হোৱাৰ লক্ষ্যৰে সমাজৰ হকে ভাল কাম কৰি যাবলৈ কৃৰ্তী ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায়।

সহকাৰী আয়ুক্ত চয়নিকা হাজৰিকাই উদেশ্য বাখ্যা কৰা অনুষ্ঠানটোত কমলা গগৈয়ে চৰিত্ৰবিহীন শিক্ষা, কৰ্ম বিহীন সম্পদ, মানৱতা বিহীন ব্যৱসায়, নীতি বিহীন ৰাজনীতি, বিবেক বিহীন সন্তুষ্টি আৰু ত্যাগ বিহীন উপাসনাৰ কাৰণে আজিৰ সমাজত উচ্ছৃংখলতাই গ্ৰাস কৰি তোলা বুলি উল্লেখ কৰি কয় যে, এইসকলো বোৰ উচ্ছৃংখলতা কেবল আধ্যাত্মিক আৰু নৈতিক চিন্তাইহে নি:শেষ কৰিব পাৰিব। কমলা গগৈয়ে এইক্ষেত্ৰত আৰু কয় যে, আধ্যাত্মিক চিন্তাত নৈতিক চিন্তা নিহিত হৈ আছে। এই নৈতিক চিন্তাত পিতৃ-মাতৃ আৰু গুৰুক শ্ৰদ্ধা-ভক্তি কৰিবলৈ কোৱা আছে। সেয়েহে তেওঁ ভাষণৰ জৰিয়তে আধ্যাত্মিক আৰু নৈতিক শিক্ষা অবিহনে এখন শৃংখলাবদ্ধ সমাজ গঠন হ'ব নোৱাৰে বুলি দৃঢ়তা প্ৰকাশ কৰে।

তদুপৰি তেওঁ গহপুৰ মহকুমা প্ৰশাসনে অনুষ্ঠিত কৰা অভিনন্দন অনুষ্ঠানটোৰ শলাগ লৈ এনেধৰণৰ অনুষ্ঠানে উঠি অহা প্ৰজন্মক উৎসাহিত কৰে বুলি উল্লেখ কৰে। গহপুৰ পৌৰসভাৰ কৰ্মচাৰী ৰাজীৱ শইকীয়াই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাই কয় যে, ছাত্র-ছাত্ৰী সকল যিমানেই ওপৰলৈ নাযাওঁক কিয় কেতিয়াও তেওঁলোকে শিপা পাহৰি যাব নালাগে।সমাজৰ প্ৰতিখন ঘৰৰ পৰিৱেশ মন্দিৰৰ দৰে হ'ব লাগে বুলি উল্লেখ কৰি সেই মন্দিৰত প্ৰতিজন শিক্ষাৰ্থী সুগন্ধি ফুলৰ দৰে ফুলি উঠিব লাগে বুলি উল্লেখ কৰে মহকুমাধিপতি গৰাকীয়ে। অনুষ্ঠানটোত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: কিশোৰ সিং ৰাজপুতে নিজৰ প্ৰতিভা হেৰাই নোযোৱাকৈ আগবাঢ়ি যোৱাটোহে এগৰাকী শিক্ষাৰ্থীৰ সফলতা বুলি উল্লেখ কৰে।জীৱন যাত্ৰাত হাজাৰ ধুমুহা, ঘাট-প্ৰতিঘাতৰ মাজত ৰাজহাড় পোন কৰি থিয় হৈ থকা জনহে প্ৰকৃত সফল ব্যক্তি বুলি ভাষণত উল্লেখ কৰে ড: ৰাজপুতে।

মহকুমাধিপতি লুকুমণি বৰাৰ বন্তি প্ৰজ্বলন আৰু প্ৰভাতী মইনা পাৰিজাতৰ মইনা-মইনী সকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ কৰা অভিনন্দন অনুষ্ঠানটোত মহকুমাটোৰ মুঠ ১৮০ গৰাকী কৃতী ছাত্র-ছাত্ৰীক একোখনকৈ অভিনন্দন পত্ৰ আৰু একোটিকৈ কলমেৰে অভিনন্দন জ্ঞাপন কৰে গহপুৰ মহকুমা প্ৰশাসনে। ইয়াৰে ১৪১ গৰাকী মেট্ৰিক উত্তীৰ্ণ আৰু ৩৯ গৰাকী উচ্চতৰ মাধ্যমিকৰ। উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত শীৰ্ষ অষ্টম স্থান দখল কৰা পাৰ্থপ্ৰতিম ভূঞা আৰু ষড়ংগনা ভূঞাক বিশেষ ভাবে অভিনন্দন জনোৱা হয়।

তদুপৰি লোক সংস্কৃতিৰ সাধক কমলা গগৈক এখন ফুলাম গামোচা, এখন চেলেং আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে মহকুমাধিপতি লুকুমণি বৰাই। উক্ত অভিনন্দন অনুষ্ঠানত সহকাৰী আয়ুক্ত ড: পৱন কুমাৰ উপাধ্যায়, মাধুৰ্য্য পৰাশৰ,দিপ্তীৰেখা হাজৰিকা, চক্ৰ বিষয়া মনীষ ভড়ালী, নিৰ্বাচনী বিষয়া পূজা পুনম গগৈ, শিক্ষা বিষয়া বেদব্ৰত বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অভিনন্দিত ছাত্র-ছাত্ৰী সকলৰ হৈ তন্ময় বৰা, ষড়ংগনা ভূঞা আৰু পাৰ্থপ্ৰতিম ভূঞাৰ পিতৃ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঞাই ভাষণ প্ৰদান কৰে।

Also Read: ৰাজ্যৰ ১১ গৰাকী এ চি এছ বিষয়াক আই এ এছ বিষয়ালৈ পদোন্নতি...

gohpur GOVT OF ASSAM