গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনত বিশেষ অনুষ্ঠানঃ উন্মোচন হ'ল "কৰতল কমল"

গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনত বিশেষ অনুষ্ঠানঃ উন্মোচন হ'ল "কৰতল কমল"

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ প্ৰতিষ্ঠাৰ মাত্ৰ ৩টা বছৰৰ ভিতৰতে সুস্থ বিদ্যায়তনিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সফলতা লাভ কৰা উত্তৰ অসমৰ অন্য এক বৃহৎ শিক্ষানুষ্ঠান শংকৰদেৱ শিক্ষা নিকেতনত দেওবাৰে অনুষ্ঠিত হয় কেইবাটাও বিশেষ কাৰ্যসূচী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শক সৰোগত কৰি সুস্থ বিদ্যায়তনিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আন্তৰিকতাৰে শৈক্ষিক সেৱা আগবঢ়াই অহা গহপুৰৰ সোলেঙীৰ শিক্ষানুষ্ঠানখনত পুৱা ১০ বজাত অভিভাৱক আৰ্শীবাদ সভা অনুষ্ঠিত হয়।

ইয়াৰ পিছত উন্মোচন কৰা হয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এখন বিশাল প্ৰতিচ্ছবি।প্ৰায় ১৫ ফুট উচ্চতা আৰু ৩০ ফুট বহলৰ এই প্ৰতিচ্ছৱিখন অংকন কৰিছে অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী নীলিম মহন্তই। চিত্ৰশিল্পী নিলীম মহন্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিখন খোল তাল, ডবা-শংখৰ মংগলময় ধ্বনি, আয়তীৰ উৰুলিৰ এক ভক্তিভৰা পৰিৱেশত শুভ উন্মোচন কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সঞ্চালক বাবুল বৰাই।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি বাবুল বৰাই কয় যে- ঐতিহাসিক গহপুৰত শংকৰদেৱ শিক্ষা নিকেতনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে।বিদ্যালয়খনৰ "উৎসবানন্দ শৈক্ষিক ভৱন"ৰ সন্মুখৰ মুধচত অংকন কৰা মহাপুৰুষ গুৰুজনাৰ প্ৰতিচ্ছবিখনে সকলোকে সন্মোহিত কৰি তুলিব বুলি ভাষণত তেওঁ উল্লেখ কৰি কয় যে- আধুনিক প্ৰযুক্তিবিদ্যাই যিমানেই উচ্চ শিখৰলৈ নাযাওঁক কিয় আধ্যাত্মিক শিক্ষা অবিহনে এজন ব্যক্তি কেতিয়াও প্ৰকৃত মানৱ সম্পদ হ'ব নোৱাৰে।

অসমত জন্মগ্ৰহণ কৰি তেওঁৰ কৰ্মৰাজিক বিশ্বজনীন কৰি তোলা গুৰুজনাৰ আদৰ্শ, চিন্তা-চেতনা আৰু নীতি-নিষ্ঠাক হৃদয়ংগম কৰি আধুনিক প্ৰযুক্তিগত শিক্ষাৰ লগত আধ্যাত্মিক শিক্ষা আহৰণৰ ওপৰত ছাত্র-ছাত্ৰীসকলে গুৰুত্ব দিলেহে এখন সুস্থ সমাজ গঠন হ'ব বুলি বাবুল বৰাই ভাষণত উল্লেখ কৰে। ইয়াৰ ফলত সমাজৰ পৰা বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা একেবাৰে আঁতৰি যাব বুলি তাৎপৰ্য পূৰ্ণ ভাবে ভাষণত উল্লেখ কৰাৰ লগতে বাবুল বৰাই কয় যে- গহপুৰৰ সু-সন্তান, বিশিষ্ট সমাজকৰ্মী, উদ্যোগপতি উদয় আদিত্য গোস্বামীয়ে অশেষ কষ্টৰে জন্ম দিয়া শংকৰদেৱ শিক্ষা নিকেতনত আধুনিক প্ৰযুক্তিগত শিক্ষাৰ উপৰি পৰম্পৰাগত শিক্ষা, নৈতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

তদুপৰি ভাষণ প্ৰসংগত তেওঁ ছাত্ৰ-ছাত্ৰীসকল সভ্যতাৰ জখলাত উঠি যিমান উচ্চ শিখৰলৈ নগ'লেও কেতিয়াও তেওঁলোকক শিপা পাহৰি নাযাবলৈ আহ্বান জনায়।শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে পৰিচালনা কৰা আৰু অধ্যক্ষ জয়ন্ত শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ভাষণত কয় যে- আৰম্ভণিৰে পৰা বিদ্যালয়খনৰ শৈক্ষিক ফলাফলৰ মান উন্নত হোৱাৰ কাৰণে এই বিদ্যালয়খনৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি পাইছে। ভাষণত প্ৰসংগত তেওঁ আত্মাৰ পৰা শিক্ষাগুৰু, পিতৃ-মাতৃ আৰু জ্যেষ্ঠসকলক ভক্তি কৰিবলৈ ছাত্র-ছাত্ৰী সকলক অনুৰোধ জনাই কয় যে- শ্ৰদ্ধা আৰু ভক্তি অবিহনে কেতিয়াও মন-মগজু সংস্কাৰ নহয়।

লগতে ছাত্র-ছাত্ৰীসকলক সৰুৰে পৰা ঈশ্বৰ মুখী হ'বলৈয়ো আহ্বান জনাই তেওঁ। গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত আটকধুনীয়াকৈ নিৰ্মাণ কৰা কাঞ্চন প্ৰভা প্ৰেক্ষাগৃহটো শুভ উন্মোচন কৰে অসমৰ বিশিষ্ট সাহিত্যিক জনাৰ্দন গোস্বামীয়ে। শংকৰদেৱ শিক্ষা নিকেতনৰ মুখ্য পৃষ্ঠপোষক স্বৰ্ণপ্ৰভা গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শুভ আৰম্ভণি কৰা মূল সভাখনত বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ''কৰতল কমল" উন্মোচন কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ দিব্যজ্যোতি মহন্তই। আলোচনীখনৰ সম্পাদনা কৰিছে ভৃগুত্তম বৰাই।

সভাখনত ভাষণ প্ৰদান কৰি বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে কয় যে- যিখন ৰাজ্যত মানৱ সম্পদ সৃষ্টিৰ হাৰ বৃদ্ধি পাব সেইখন ৰাজ্য তীব্ৰ গতিৰে আগুৱাই যাব।অসমৰ শৈক্ষিক জগতখনত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এইখন বিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ। সভাখনত শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়াৰ কথা আৰু সুৰেৰে ৰছনা কৰা "চিৰ নমস্য তুমি" শীৰ্ষক এটি গীত আনুষ্ঠানিকভাৱে উন্মোচন কৰে তেওঁৰ মাতৃ ৰিতুমণি শইকীয়াই।

শিক্ষাগুৰু সকললৈ শ্ৰদ্ধা জনাই লিখা এই গীতটোত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৱাসনা দত্ত আৰু জয়ন্ত শইকীয়াৰ ভাতৃ ৰিতুৰাজ শইকীয়াই। সভাখনৰ পূৰ্বে এখন বাস্কেট বল ক'ৰ্টৰ ফিটা কাটি শুভ উদ্বোধন কৰে শংকৰদেৱ শিক্ষা নিকেতনৰ উপ-সভাপতি উজ্বল গোস্বামীয়ে। ছাত্ৰী কৰিশ্মা শইকীয়াৰ এটি বৰগীতেৰে আৰম্ভ হোৱা মূল সভাখনত উদেষ্ণা গোস্বামীৰ এটি ভক্তিমূলক নৃত্যই সকলোকে আপ্লুত কৰে।উক্ত সভাত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজা, গহপুৰ মহকুমাৰ কাৰ্যবাহী বিষয়া নমিতা বৰাকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।

গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনত বিশেষ অনুষ্ঠানঃ উন্মোচন হ'ল "কৰতল কমল"
নগাঁও জিলা আয়ুক্তক দুৰ্ব্যৱহাৰঃ আটক ৩ বিজেপি কৰ্মী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in