নগাঁও জিলা আয়ুক্তক দুৰ্ব্যৱহাৰঃ আটক ৩ বিজেপি কৰ্মী

নগাঁও জিলা আয়ুক্তক দুৰ্ব্যৱহাৰঃ আটক ৩ বিজেপি কৰ্মী

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা আয়ুক্তৰে বিজেপিৰ সংঘাত৷ নগাঁও জিলাৰ আয়ুক্তৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে ৩ বিজেপি কৰ্মীক ৷ উল্লেখ্য যে, শণিবাৰ নিশা নগাঁও চহৰৰ হয়বৰগাঁৱৰ মনালিচা হোটেলৰ ওচৰত নগাঁও জিলা আয়ুক্তৰ আত্মীয়ৰে সংঘাতত লিপ্ত হয় বিজেপিৰ এটি যুৱ মৰ্চাৰ দল ৷

ঘটনা অনুসৰি নিশা প্ৰায় ১বজাত আয়ুক্তৰ পৰিয়ালৰ সদস্যক যুৱ মৰ্চাৰ দলটোৱে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ সংঘাতে এনে পৰ্যায় পাইগৈ যে আয়ুক্ত নিশা বাসভৱনৰ পৰা ঘটনাস্থলীত উপস্থিত হ'ব লগা হয় ৷ আয়ুক্ত উপস্থিত হোৱাৰ পিছত বিজেপিৰ যুৱ মৰ্চাৰ দলটোৱে আয়ুক্তজনকো দুৰ্ব্যৱহাৰ কৰে ৷

ঘটনাৰ পিছতে আয়ুক্তৰ অভিযোগৰ ভিত্তিত বিজেপিৰ যুৱ মৰ্চাৰ ৩সদস্যক আৰক্ষীয়ে আটক কৰিছে৷ আনহাতে আটকাধীন ৩বিজেপি কৰ্মীক মোকলাই নিবলৈ নগাঁও বিজেপিৰ এটা দল নগাঁও সদৰ থানাত উপস্থিত হৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে ৷

নগাঁও জিলা আয়ুক্তক দুৰ্ব্যৱহাৰঃ আটক ৩ বিজেপি কৰ্মী
ক্ৰীড়াবিদ-ক্ৰীড়া সংগঠকক সম্বৰ্ধনাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজাদিন উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in