/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/90fb4893-c325-4134-b86d-2623d0f07fe6/gohpur.jpg)
বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, গহপুৰঃ প্ৰতিবাদৰ ধ্বনিৰে উত্তাল গহপুৰ বিদ্যুৎ উপ-সংমণ্ডল । দীৰ্ঘদিনে অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু ১১দফীয়া দাবী চনদ পূৰণৰ দাবী জনাই আহিছে কৰ্মচাৰীসকলে ।
এই লৈ শুকুৰবাৰে কৰ্মচাৰী কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে গহপুৰৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলে । আছাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱকাৰ্চ ইউনিয়নে এই কৰ্মবিৰতি পালন কৰে ।
দিনে নিশাই ৰ'দ, বৰষুণ কাটি কৰি ৰাইজক বিদ্যুত যোগান দিয়া এইসকল অস্থায়ী বিদ্যুৎ কৰ্মচাৰীয়ে । সেয়ে কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰক ।
Also Read: কাজিৰঙাত গজ মহোৎসৱ-২০২৩ উদ্ধোধন কৰিলে ৰাষ্ট্ৰপতিয়ে...