/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/98954148-efdb-401d-941f-37276285103f/president.jpg)
গজ মহোৎসৱ উদ্ধোধন
ডিজিটেল সংবাদ, গোলাঘাটঃ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বন বিভাগে দুদিনীয়াকৈ আয়োজন কৰিছে গজ মহোৎসৱ । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে বৃহস্পতিবাৰে গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হাইস্কুল খেলপথাৰত এই গজ মহোৎসৱ - ২০২৩ উদ্বোধন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a340eecb-ed3c-4c20-b14b-1e42a82ecc43/c63b6ddd_07e1_44eb_86f9_e218e3f13fb8.jpg)
অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰজেক্ট এলিফেণ্টৰ অধীনত তিনিখন গ্ৰন্থ আৰু পুস্তিকা উন্মোচন কৰি ৰাষ্ট্ৰপতিগৰাকীৰ হাতত ইয়াৰ প্ৰথম কপি প্ৰদান কৰে । উল্লেখযোগ্য যে হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ১৯৯১-৯২ চনত প্ৰজেক্ট এলিফেণ্ট আৰম্ভ কৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0c0148de-206a-4c8d-a6a4-9ce321fd6497/41b3af4a_d76c_4dcb_bfce_fbec62e8673e.jpg)
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী ভূপেন্দৰ যাদৱ, পৰিৱেশ আৰু বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে, কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম চৰকাৰৰ মুখ্য সচিব পবন বৰঠাকুৰ, বন সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ৰ বিশেষ সচিব চি পি গোৱেল, সাংসদ, বিধায়ক আৰু বন বিভাগ আৰু প্ৰশাসনৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে । এই মহোৎসৱৰ ৮ এপ্ৰিল তাৰিখে সমাপ্তি পৰিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a8c6f64a-83ac-4d8e-b0c3-583208fe9de3/2dda85b8_7da2_406b_920f_3804ca3894a9.jpg)
Also Read: জামুগুৰিহাটত চুৰিকাণ্ড, নগদ ধনসহ লক্ষাধিক টকাৰ সোনৰ আ-অলংকাৰ চুৰি..