গহপুৰত বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ দুই ভাতৃ...

গহপুৰত বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ দুই ভাতৃ...

ডিজিটেল সংবাদ, গহপুৰ : গহপুৰত বাল্যবিবাহৰ অভিযোগত গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই ভাতৃক। গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীৰ পদক্ষেপত বাল্য বিবাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা দুই ভাতৃ হৈছে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালীৰ জয়ন্ত দাস আৰু ৰঞ্জিত দাস।

যোৱা ২৭ এপ্ৰিলত গহপুৰৰ মাগনী কছাৰীৰ এগৰাকী ১৬ বছৰ বয়সীয়া নাবালিকা কিশোৰীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই নিছিল ৰাংছালীৰ জয়ন্ত দাসে। ইয়াৰ পিছতে জয়ন্তই যুৱতীগৰাকীক জখলাবন্ধাৰ এখন হোটেলত কাম কৰা জয়ন্তৰ বৰদেউতাকৰ ল'ৰা ৰঞ্জিত দাসৰ ভাড়াঘৰত যুৱতীগৰাকীৰ শিৰত সেন্দুৰ দি তাতে নিশা যাপন কৰে।

ইপিনে যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত গহপুৰ আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকীৰ অভিভাৱক। ইয়াৰ পিছতে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ যুৱতী গৰাকীক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে। অৱশেষত জখলাবন্ধাৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰি দুই ভাতৃক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

গহপুৰত বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ দুই ভাতৃ...
আজি শ্ৰমিক দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in