আজি শ্ৰমিক দিৱস

আজি শ্ৰমিক দিৱস

ডিজিটেল ডেস্ক : আজি ১ মে' । শ্ৰমিক দিৱস । সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰেই আজিৰ দিনটো শ্ৰমিক দিৱসৰূপে উদযাপন কৰা হয় । বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন আৰু শ্ৰমিক সকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই দিনটো উদযাপন কৰা হয় । ১৮৮৯ চনৰ আন্তৰ্জাতিক সমাজবাদী ফেডাৰেচন দলসমূহ আৰু ট্ৰেড ইউনিয়নসমূহে ১ মে'ৰ দিনটো  প্ৰথমবাৰৰ বাবে শ্ৰমিকসকলৰ বাবে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই সিদ্ধান্তৰ অন্তৰালত আছিল ১৮৮৬ চনত আমেৰিকাৰ হেইমাৰ্কেটত সংঘটিত এটি দুৰ্ঘটনা ।

উল্লেখ্য যে, ১৮৮৬ চনৰ ৪ মে'ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেইমাৰ্কেটত শ্ৰমিকসকলে নিজৰ দাবীৰে উলিওৱা এক প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষী আৰফু শ্ৰমিকসকলৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল বহুতে । তাৰেই শ্ৰদ্ধাঞ্জলিৰূপে প্ৰথমবাৰৰ বাবে মে' দিৱস অথবা শ্ৰমিক দিৱস পালন কৰা হৈছিল ।

এই প্ৰতিবাদৰ অন্ততেই পূৰ্বে দিনটোৰ প্ৰায়ভাগ সময় নূন্যতম মূল্যৰ বিনিময়ত গেবাৰি খটা শ্ৰমিকসকলে ৮ ঘন্টা শ্ৰমদান, ৮ ঘন্টা বিশ্ৰাম আৰু ৮ ঘন্টা আমোদ-প্ৰমোদৰ বাবে লাভ কৰিছিল ।

এই সকলো প্ৰতিবাদ, কষ্ট, ত্যাগ প্ৰত্যক্ষ কৰি অহা কলা-সাহিত্য আৰু সচেতন সমাজেও অতি শীঘ্ৰেই যোগ দিলে শ্ৰমিক সকলৰ আন্দোলনত । ফলত পিছ হুহুকিবলৈ বাধ্য হ'ল চৰকাৰ আৰু পুঁজিপতিসকল । একেই উদ্দেশ্যৰে সৃষ্টি হ'ল বহু বিশ্ববিখ্যাত গ্ৰন্থ, কবিতা অথবা গানৰ । তাৰ ভিতৰতেই অন্যতম আছিল মেক্সিক গৰ্কীৰ "মা" । ১৯০৬ চনত ৰাছিয়াৰ এগৰাকী মহিলা শ্ৰমিকৰ প্ৰেক্ষাপটত লিখা এই গ্ৰন্থই নিমিষতে সৃষ্টি কৰিছিল এক আলোড়নৰ । সমগ্ৰ বিশ্বত শ্ৰমিকসকলৰ কষ্টত স্বীকৃতি দিয়া হ'ল, অনুধাৱণ কৰিবলৈ সক্ষম হ'ল তেওঁলোকৰ শ্ৰম ।

আজি শ্ৰমিক দিৱস
কাৰ্বি আলংঙত বন ধ্বংসৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in