গহপুৰত চাৰি তীৰ মাফিয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ...

গহপুৰত চাৰি তীৰ মাফিয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ...

ডিজিটেল সংবাদ, গহপুৰ : এইবাৰ আৰক্ষীক জালত তীৰ মাফিয়া। গহপুৰৰ ৰাজগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ ভড়ালীৰ নেতৃত্বত চলোৱা অভিযানত অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় এলেকাৰ পৰা ৪ তীৰ মাফিয়াক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত তীৰ মাফিয়া চাৰিটা হৈছে ক্ৰমে খেৰবাৰীৰ সঞ্জয় দাস(৩৪), কৰাইগুৰীৰ অৰুণ বসুমতাৰী(৩৬), সোণাপুৰৰ বিপুল বসুমতাৰী(৫০) আৰু ৰঙাজানৰ গোবিন্দ স্বৰ্গীয়াৰী।ইয়াৰে গোবিন্দ স্বৰ্গীয়াৰী গোপালপুৰ গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য।

সাংবাদিকৰ আগত তেওঁলোকে যোৱা দুবছৰ ধৰি তীৰ খেল চলাই বুলি উল্লেখ কৰে।আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে ম'বাইল ফোন। তদুপৰি ম'বাইল ফোন চাৰিটাত তীৰ খেলৰ অন লাইন টিকট কটাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে।

গহপুৰত চাৰি তীৰ মাফিয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ...
শিৱসাগৰ জিলাত কৃষি যান্ত্ৰিকীকৰণৰ সংযোজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in